মৰিগাঁও,14ফেব্ৰুৱাৰী: মোৰ সুদীৰ্ঘ জীৱনত চৰকাৰী বিষয়াই স্থাপন কৰা প্ৰথমটো পুথিভঁৰাল জিলা উপায়ুক্ত কাৰ্যালয়ত থানেশ্বৰ মালাকাৰৰ নেতৃত্বত হৈছিল আৰু আজি দ্বিতীয়টো আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাৰ নেতৃত্বত গঢ় লোৱা পুথিভঁৰাল । শনিবাৰে মৰিগাঁও আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ত সাহিত্যিৰথী নামে এটা পুথিভঁড়ালৰ দুৱাৰ মুকলি কৰি এই মন্তব্য কৰে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে ৷
এই দুৱাৰ মুকলি অনুষ্ঠানত বিশিষ্ট সাহিত্যিকগৰাকীক সংগ দিয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ডঃ বসন্ত কুমাৰ গোস্বামী আৰু ইতিহাসবিদ ডঃ ৰাজেন শইকীয়াই ৷ ইপিনে এই গ্ৰন্থাগাৰত প্ৰায় আঢ়ৈ লাখ টকাৰ মূল্যৱান গ্ৰন্থ আছে বুলি উল্লেখ কৰে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক তথা কবি-সাহিত্যিক শব্দ ৰত্ন বঁটা প্ৰাপক ড৹ নন্দ সিং বৰকলাইয়ে ৷
লগতে পঢ়কঃ ২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ