মৰিগাঁও, ৪ আগষ্ট : মৰিগাঁৱত শুক্ৰবাৰে অসম বিধান সভাৰ এঘাৰজনীয়া বিধায়িনী দলে পৰ্যবেক্ষণ কৰিলে জিলাখনত ৰূপায়ন হোৱা বহুকেইটা উন্নয়নমূলক আঁচনি । পুৱাৰ মানিপুৰৰ দুটাকৈ আঁচনি পৰ্যবেক্ষণ কৰি বিয়লি জিলা আয়ুক্ত কাৰ্যলয়ত বৈঠকত মিলিত হয় বিধায়িনী দলটো ।
মানিপুৰৰ দুটাকৈ আঁচনি পৰ্যবেক্ষণ কৰাৰ পিচতে এই সন্দৰ্ভত মন্তব্য় কৰে অসম বিধান সভা বিত্তীয় সমিতিৰ অন্যতম সদস্য ৰেকুবুদ্দিন আহমেদ । অসম চৰকাৰৰ আবন্টিত পুঁজি যাতে সঠিকভাৱে কাম হয় আৰু ৰাইজৰ পক্ষত যাতে কাম হয় তাৰেই আশা কৰা বুলি মন্তব্য কৰে অসম বিধানসভা বিত্তীয় সমিতিৰ অন্যতম সদস্য ৰেকিবুদ্দিন আহমেদে । এই দলটোৰ নেতৃত্ব দিয়ে গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ।
উল্লেখ্য় যে অসম বিধানসভাৰ এঘাৰজনীয়া বিধায়ক সদস্যৰ দলে শুক্ৰবাৰে মৰিগাঁৱত পৰ্যবেক্ষণ কৰিলে একাধিক উন্নয়ন মূলক আঁচনি । ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ পুঁজিৰে ৰূপায়ন কৰা এই আঁচনি পৰ্যবেক্ষণৰ বাবে শুক্ৰবাৰে মৰিগাঁও আবৰ্ত্ত ভৱনত উপস্থিত হৈ বিধায়িনী দলটো প্ৰথমে উপস্থিত হৈ মানিপুৰৰ নিৰ্মাণৰত ষ্টেডিয়ামৰ উন্নয়নৰ বুজ লয় । এই দলটোৰ নেতৃত্ব দিয়া গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কয় যে মানিপুৰত নিৰ্মীয়মান ষ্টেডিয়ামৰ কাম মন্থৰ গতিত হৈ থাকিলেও কামখিনি বন্ধ হোৱা নাই ।
উল্লেখ্য যে ৰাজধানী গুৱাহাটীৰ নিচেই ওচৰত থকা জিলাসমূহত ক্ৰীড়াৰ ক্ষেত্ৰত তাৎক্ষণিকভাবে ক্ৰীড়া অনুষ্ঠিত কৰিব পৰাকৈ কিম্বা অনুশীলনৰ বাবে কিমান গ্ৰহণযোগ্য হৈছে নিৰ্মীয়মান অৱস্থাত থকা ষ্টেডিয়ামখন, তাৰ এক প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে চৰকাৰে বিধায়িনী দলৰ ওপৰত দায়িত্ব প্ৰদান কৰিছে । অতি ক্ষীপ্ৰতাৰে অসম চৰকাৰে এনেবোৰ নিৰ্মীয়মান অৱস্থাত থকা ষ্টেডিয়াম ক্ৰীড়াৰ বাবে সাজু কৰি উলিয়াব বুলি মন্তব্য় কৰে বিধায়িনী দলটোৱে ।
এই কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক দুৰ্গা দাস বড়ো, গোবিন্দ চন্দ্ৰ বসুমতাৰী,পৃথ্বীৰাজ ৰাভা, শিবামণি বৰা, আমিনুল ইছলাম, নুৰুল হুদা,জাকিৰ হোছেইন লস্কৰ, খলিল উদ্দিন মজুমদাৰ, মহিবুৰ ৰহমানকে ধৰি এঘাৰজনীয়া বিধায়কৰ দলটো।
লগতে পঢ়ক:Stadium under construction in Nalbari:নলবাৰীত নিৰ্মীয়মাণ ষ্টেডিয়াম পৰ্যবেক্ষণ বিধায়িনী দলৰ