ETV Bharat / state

গৰাখহনীয়াই গ্ৰাস কৰিছে মৰিগাঁৱৰ বৃহৎ অঞ্চল - গৰাখহনীয়া

মৰিগাঁও জিলাত অব্যাহত আছে লুইতৰ গৰাখহনীয়া ৷ নিমিষতে লুইতৰ বুকুত জাহ গৈছে শ শ পৰিয়ালৰ বাসগৃহ,সা সম্পত্তি।

গৰাখহনীয়াই গ্ৰাস কৰিছে মৰিগাঁৱৰ বৃহৎ অঞ্চল

author img

By

Published : Sep 10, 2020, 7:41 PM IST

মৰিগাঁও,10 ছেপ্টেম্বৰ: অস্তিত্বৰ সংকটত মৰিগাঁও জিলা ৷ মৰিগাঁৱত বুঢ়া লুইতে কালৰূপ ধাৰণ কৰিছে৷ চাৰিটাকৈ প্ৰলয়ংকাৰী বানপানীয়ে সকলো তচনচ কৰাৰ পাছতেই এইবাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ যোৱা কিছুদিন ধৰি মৰিগাঁও অঞ্চলত অব্যাহত আছে লুইতৰ গৰাখহনীয়া ৷

গৰাখহনীয়াই গ্ৰাস কৰিছে মৰিগাঁৱৰ বৃহৎ অঞ্চল

ইতিমধ্যে গাঁও খনৰ প্ৰায় দুই শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে গাঁওখনৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ উল্লেখ্য যে,গৰাখহনীয়াত গাঁওখনৰ ক্ষতিসাধন হোৱাৰ পাছতো বৰ্তমান পৰ্যন্ত কোনো জলসম্পদ বিভাগৰ কোনো কাণসাৰ নাই । ইফালে নিমিষতে লুইতৰ বুকুত জাহ গৈছে শ শ পৰিয়ালৰ বাসগৃহ, সা সম্পত্তি। চকুৰ প্ৰচাৰতে পথৰ ভিক্ষাৰীত পৰিণত হৈছে ভূমিপুত্ৰ সকল । অব্যাহত আছে কোটিতকৈ শৈল বান্ধ,পাকুপাইন আদি। পেট ভৰিছে বিষয়া ঠিকাদাৰৰ। ইমানৰ পিছতো চৰকাৰ তথা প্ৰশাসনে গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাত নৈপৰীয়া ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰক গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.