মৰিগাঁও,23 ফেব্ৰুৱাৰী: উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা কলং-কপিলীক চৰকাৰীভাৱে আৱণ্টন দিয়া ভূমিক লৈ মালৈবাৰীত স্বেচ্ছাসেৱী সংগঠন আৰু এখন গাঁৱৰ ৰাইজৰ মাজত সোমবাৰে সৃষ্টি হয় সংঘাতৰ ৷ যাৰ ফলত ৰাইজে গেজেং ৰিজাৰ্ভত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপ (গ্ৰাম্য) ৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত বগীবাৰীত সোমবাৰে উক্ত সংস্থাটোক মাটি দিয়াক কেন্দ্ৰ কৰি স্থানীয় হঁহৰাবাসীয়ে সমজুৱাভাৱে বাধা প্ৰদান কৰে । ইয়াৰ অংশৰূপে চৰণীয়া পথাৰৰ মাজতে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৰাইজে ৷
ইয়াৰ পিছতেই আৰক্ষী আৰু চক্ৰ বিষয়াৰ প্ৰতিনিধি ঘটনাস্থলীত উপস্থিত হৈ এই ভূমি কেন্দ্ৰিক বিবাদ নিষ্পত্তি নোহোৱালৈকে কোনোৱে মাটি অধিগ্ৰহণ কৰিব নোৱাৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
লগতে পঢ়কঃ মাৰ্চত ঘোষণা হ’ব পাৰে বিধানসভা নিৰ্বাচনৰ দিন: মোডী