ধিং, 25 ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো গুৰুত্বহীন প্ৰমাণিত কৰিছে একাংশ চৰকাৰী সুলভ মূল্যৰ দোকানীয়ে । চৰকাৰী নিৰ্দেশনাক ভেঙুচালি প্ৰমাণিত কৰি হিতাধিকাৰীৰ মুখৰ চাউল কাঢ়ি মুকলি বজাৰত বিক্ৰী কৰি আহিছে একাংশ অসাধু ব্যৱসায়ীয়ে ৷
শেহতীয়াকৈ লাহৰীঘাটৰ ভূৰাগাঁৱৰ বৰালিমাৰী বজাৰৰ এটা গুদামৰ পৰা মৰিগাঁও যোগান বিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ অধীনৰ চাউল (PDS Rice Scam) ৷
জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা গুদামৰ মালিক নুৰ মহম্মদে (বাবৰ) গোপনে এখন ডি এল ট্ৰাকত চাউল লোড কৰিব ধৰাৰ সময়তে ঘটনাস্থলীত উপস্থিত হয় একাংশ স্থানীয় ভিডিপি তথা আছুৰ সদস্য ৷ দলটোৱে এই কাৰ্ষত বাধা প্ৰদান কৰাত ড্ৰাইভাৰজনে খালী ট্ৰাক লৈ গুদামৰ পৰা পলায়ন কৰে ।
পৰৱৰ্তী সময়ত স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ভূৰাগাঁও আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে উক্ত স্থানত নিশা পহৰাৰ ব্যৱস্থা কৰে । পৰৱৰ্তী সময়ত শুকুৰবাৰে স্থানীয় দণ্ডাধীশ আৰু ভূৰাগাঁও আৰক্ষীৰ সহযোগত গুদামটোৰ পৰা প্ৰায় ৩১ কুইণ্টল চাউল জব্দ কৰে জিলাখনৰ যোগান বিভাগে ।
স্থানীয় দণ্ডাধীশ প্ৰিয়ংকা বণিয়াই জব্দ কৃত চাউলখিনি FCI ৰ চাউল বুলি সন্দেহ প্ৰকাশ কৰে ৷ স্থানীয় লোকে কৰা অভিযোগ অনুসৰি, বাবৰ নামৰ অসাধু ব্যৱসায়ী গৰাকীয়ে দীৰ্ঘদিন ধৰি চোৰাং চাউলৰ ৰমৰমীয়া ব্যৱসায়ৰ লগত জড়িত হৈ আহিছে ৷ কিন্তু মৰিগাঁৱত কাৰ ছত্ৰছায়াত এনে কাৰ্য সংঘটিত হৈ আহিছে, তাক লৈ আৰক্ষী তথা যোগান বিভাগৰ মনত সন্দেহৰ সূত্ৰপাত ঘটিছে ৷ বৰ্তমান অধিক তথ্যৰ বাবে ভূৰাগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত আছে ৷
লগতে পঢ়ক : সুলভ মূল্যৰ চাউলৰ চোৰাং বেহা; বোকাখাতত এজনক গ্ৰেপ্তাৰ