নগাঁও/ মৰিগাঁও, 29অক্টোবৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান (Operation against Drugs in Assam) ৷ বিভিন্ন সময়ত অসম আৰক্ষীয়ে চলোৱা অভিযানত আটক হৈছে বহু ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে জব্দ হৈছে বহু ড্ৰাগছো (Operation against narcotics in Assam) ৷ কিন্তু ইমানৰ পাচতো অসম আৰক্ষীয়ে নাকি লগাবলৈ সক্ষম হোৱা ড্ৰাগছ সৰবৰাহকাৰী তথা অপৰাধীক ৷
ইয়াৰ মাজতে শুকুৰবাৰে নিশা চলিল মৰিগাঁও আৰু নগাঁৱত মৰিগাঁও আৰক্ষীৰ অভিযান (Operation against Drugs in Nagaon and Morigaon) ৷ এণ্টি নাৰ্কটিক স্কোৱাদৰ দলে চলোৱা এই অভিযানত দুটা ড্ৰাগছ সহৰবৰাহকাৰীক আটক কৰে ৷ আটকাধীন কেইটা ক্ৰমে ইক্ৰমূল আৰু শুকুৰ আলী বুলি জানিব পৰা গৈছে ।
আনহাতে, মৰিগাঁৱৰ তেলাহীত আৰক্ষীয়ে ড্ৰাগছ সহৰবৰাহকাৰী কেইটাৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় 1 কোটি টকাৰ হেৰ’ইন ৷
লগতে পঢ়ক : Youth arrested with pistol: গুৱাহাটীত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ
উল্লেখ্য যে, এই অভিযানৰ সময়ত একাংশ লোকে আৰক্ষীক বাধা প্ৰদানো কৰিছিল ৷ ইয়াৰে সুযোগ গ্ৰহণ কৰিছিল ড্ৰাগছ সৰবৰাহকাৰী কেইটাই ৷ আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহকাৰী কেইটা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ সৈতে ড্ৰাগছ সৰবৰাহকাৰী হতাহতিত লিপ্ত হয় ৷ যাৰ ফলত উপায়ন্তৰ হৈ আৰক্ষীয়ে শূণ্যলৈ গুলী কৰিবলৈ বাধ্য হয় (Assam police Firing at Samaguri) ৷
অৱশ্যে আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত হোৱা সংঘৰ্ষত কোনো পক্ষই আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ বৰ্তমান মৰিগাঁও আৰক্ষীৰ জিম্মাত আছে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী ইক্ৰমূল আৰু শুকুৰ আলী ৷
আনহাতে, এই ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে বিশেষ একো জ্ঞাত নহয় বুলিহে মন্তব্য কৰে ৷ এক প্ৰকাৰে এই ঘটনাই মৰিগাঁও আৰক্ষীয়ে নগাঁও আৰক্ষীৰ ব্যৰ্থতাক উদঙালে বুলিহে একাংশই মত প্ৰকাশ কৰে ।
লগতে পঢ়ক : Drugs seized in Karimganj : কৰিমগঞ্জত জব্দ কোটি টকাৰ ড্ৰাগছ