ETV Bharat / state

মৰিগাঁৱত ’42 ৰ তিনি শ্বহীদক সোঁৱৰণ

'৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাক শ্ৰদ্ধাঞ্জলি ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতি আৰু মুক্তি যুঁজাৰু সন্তান সন্ততি সমিতিৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰা হয় বাৰপূজীয়াত।

freedom fighter
freedom fighter
author img

By

Published : Aug 10, 2020, 5:09 AM IST

মৰিগাঁও, 9 আগষ্ট : মৰিগাঁৱত '৪২ৰ তিনি শ্বহীদ ক্ৰমে হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ প্ৰতিমূৰ্তিত ম্যাল্যাপৰ্ণ। 9 আগষ্টৰ ঐতিহাসিক দিনটোৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতি আৰু মুক্তি যুঁজাৰু সন্তান সন্ততি সমিতিৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰা হয় বাৰপূজীয়াত। অনুষ্ঠানত এই তিনি গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তিত ম্যাল্যাপৰ্ণ কৰা হয় । ম্যাল্যাপৰ্ণ কৰে মৰিগাঁও জিলা মুক্তি যুঁজাৰু সন্তান সন্ততি সমিতিৰ সভাপতি ভবেন্দ্ৰ নাথ মহন্তই । এই অনুষ্ঠানৰ আঁতধৰে সদৌ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক মিন্টু কুমাৰ মেধিয়ে।

মৰিগাঁৱত ’42 ৰ তিনি শ্বহীদক সোঁৱৰণ

তিনিগৰাকী বীৰ শ্বহীদৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় বাৰপূজীয়া জিলা পৰিষদৰ সদস্য যতীন দাসকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে । উল্লেখযোগ্য যে '৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ ভৰপক সময়ত ৯ আগষ্টৰ দিনটোতে অবিভক্ত নগাঁও জিলাৰ ঐতিহাসিক বাৰপূজীয়াৰ এইসকল বীৰ শ্বহীদে ৰহাত গৈ বৃটিছ সেনাৰ বাট আগচি ধৰি স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল । সেইদিনাই শ্বহীদ হৈছিল নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী, ঠগীৰাম সুুত, বলোৰাম সুত আৰু লক্ষীকান্ত হাজৰিকা ৷

লগতে পঢ়ক : সাংবাদিক বিজন দ্বীপ তাঁতী হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.