ETV Bharat / state

প্ৰধান শিক্ষকে পানীত দলিয়ালে চাউল

প্ৰধান শিক্ষকে পানীত দলিয়ালে চাউল ৷ চিৰাজুল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে আৱন্টিত ধনৰাশি খৰচ কৰাৰো অভিযোগ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে

author img

By

Published : Jul 9, 2019, 7:04 PM IST

প্ৰধান শিক্ষকে পানীত দলিয়ালে চাউল

মৰিগাঁও, 9 জুলাই : মধ্যাহ্ন ভোজনৰ চাউল প্ৰধান শিক্ষকে দলিয়ালে পানীত ৷ এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলা লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ পুৱবৰখাবল প্ৰাথমিক বিদ্যালয়ত । সোমবাৰে প্ৰধান শিক্ষক চিৰাজুল ইছলামে ৰহস্যজনক কাৰণত একাধিক চাউলৰ বস্তা বিদ্যালয়ৰ কাষৰ বিলৰ পানীত পেলাই দিয়ে । এই ঘটনা পোহৰলৈ অহাৰ পাচতেই স্থানীয় অভিভাৱক আৰু দল সংগঠনৰ নেতৃত্বই উচিত তদন্তৰ দাবী তুলিছে । প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দুটাকৈ গোচৰ । স্থানীয় অভিভাৱকসকলৰ অভিযোগ অনুসৰি প্ৰধান শিক্ষক চিৰাজুল ইছলামে কেইবাবছৰ ধৰি বিদ্যালয়ৰ পৰিচালনা সমিতি গঠন নকৰি বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে আৱন্টিত ধনৰাশি নিজেই খৰচ কৰি আহিছে যদিও চকুত পৰা নাই লাহৰীঘাট কিম্বা মৰিগাঁও জিলা শিক্ষা বিষয়াৰ । সোমবাৰে এই ঘটনা পোহৰলৈ অহাৰ পাচতেই স্থানীয় এটা সংগঠনে প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰি তদন্তৰ দাবী জনায় । এতিয়া প্ৰশ্ন হৈছে কি কাৰণত বিলত পেলাই দিব লগীয়া হৈছে মধ্যাহ্ন ভোজনৰ চাউল । ছাত্ৰ-ছাত্ৰী অনুপাতে চাউল বেছি লাভ কৰে নেকি সেইটোও এতিয়া সন্দেহৰ বিষয় হৈ পৰিছে ৷

Intro:মৰিগাঁৱত মধ্যাহ্ন ভোজনৰ চাউল দলিয়ালে পানীত । ছাত্ৰ ছাত্ৰীৰ মুখৰ ভাত পানীত পেলোৱা প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুটাকৈ গোচৰ ।Body:গ্ৰীষ্মকালীন বন্ধৰ গগইনাৰে মধ্যাহ্ন ভোজনৰ চাউল দলিয়ালে পানীত । এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলা লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ পুৱবৰখাবল প্ৰাথমিক বিদ্যালয়ত ।ঘটনাৰ বিৱৰণী মতে সোমাবাৰে প্ৰধান শিক্ষক চিৰাজুল ইছলাম নামৰ তথাকথিত প্ৰধান শিক্ষকজনে ৰহস্য জনক কাৰণতে একাধিক চাউলৰ বস্তা বিদ্যালয়ৰ কাষৰ বিলৰ পানীত পেলাই দিয়ে। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই স্হানীয় অভিভাৱক সকল আৰু দল সংগঠনৰ নেতৃত্বই সমবেত এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে ।bytes:publics
আনহাতে স্হানীয় অভিভাৱক সকলৰ অভিযোগ অনুসৰি প্ৰধান শিক্ষক চিৰাজুল ইছলামে কেইবাবছৰ ধৰি বিদ্যালয়ৰ পৰিচালনা সমিতি গঠন নকৰি বিদ্যালয়ৰ আন্তঃগাঁথনি বাবে আবন্টিত ধনৰাশি অবৈধ ভাৱে খৰচ কৰি আহিছে যদিও চকুত পৰা নাই লাহৰীঘাট কিম্বা মৰিগাঁও জিলা শিক্ষা বিষয়া । সেয়েহে সোমাবাৰে এই ঘটনা পোহৰলৈ অহাৰ পাছতেই স্হানীয় এটা সংগঠনে প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰি তদন্ত দাবী জনাই ।bytes:publics, ngo.workers.Conclusion:এতিয়া প্ৰশ্ন হৈছে কি কাৰণতে বিলত পেলাই দিব লগীয়া হৈছে মধ্যাহ্ন ভোজনৰ চাউল ।ছাত্ৰ ছাত্ৰী অনুপাতে বেছি লাভ কৰে নেকি চাউল ।নে অভিভাৱক সকলৰ অভিযোগ সত্য ।

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.