ETV Bharat / state

Skill development of youth : যুৱ প্ৰজন্মক দক্ষতা বিকাশত গুৰুত্ব দিবলৈ আহ্বান অসমৰ ৰাজ্যপালৰ

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 9:03 AM IST

Updated : Sep 10, 2023, 9:42 AM IST

মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ যুৱ সন্মিলনত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া । চাকৰিমুখী মানসিকতাৰ পৰিৱৰ্তে কামৰ সৰু-বৰ বিচাৰ নকৰি নিয়োগ সৃষ্টিৰ লক্ষ্যৰে অগ্ৰসৰ হ'বলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ ।

Assam Governor at Mayang Anchalik College
মায়ং মহাবিদ্যালয়ত গোলাব চান্দ কাটাৰিয়া

মৰিগাঁও, 10 ছেপ্টেম্বৰ: মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত যুৱ সন্মিলন 2.0 ৰ সামৰণি পৰে শনিবাৰে । এই যুৱ সন্মিলনত অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই । চাকৰিমুখী মানসিকতাৰ পৰিৱৰ্তে কামৰ সৰু-বৰ বিচাৰ নকৰি নিয়োগ সৃষ্টিৰ লক্ষ্যৰে অগ্ৰসৰ হ'বলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায় ৰাজ্যপালগৰাকীয়ে ।

কাটাৰিয়াই শনিবাৰে "আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ" সন্দৰ্ভত অনুষ্ঠানত ভাষণ আগবঢ়ায় ৷ ভাষণ প্ৰদানত ৰাজ্যপালগৰাকীয়ে কয়, "ভাৰতৰ যুৱক-যুৱতীসকলক দক্ষ হিচাপে গঢ়ি তোলাটো আমাৰ দায়িত্ব ।" পৰিৱৰ্তনে ন ন সুযোগৰ সৃষ্টি কৰে বুলি উল্লেখ কৰি কাটাৰিয়াই কয় যে নতুন প্ৰজন্মৰ মাজত দেশৰ কল্যাণৰ হেতু ব্যাপক পৰিৱৰ্তন সাধন কৰাৰ ক্ষমতা আছে । ৰাজ্যপালগৰাকীয়ে চৰকাৰী চাকৰিমুখী মানসিকতাৰ পৰিৱৰ্তে নিয়োগ সৃষ্টি কৰিব পৰাকৈ এটা নিৰ্দিষ্ট লক্ষ্যৰে আগবাঢ়িবলৈ যুৱক-যুৱতীসকলৰ প্ৰতি আহ্বান জনায় ।

যুৱ প্ৰজন্মক সমাজ এখনৰ ৰাজহাড় বুলি উল্লেখ কৰি কাটাৰিয়াই কয় যে ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ ভূমিকা অনবদ্য । ৰাজ্যপালগৰাকীয়ে যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধি কৰি তেওঁলোকক দেশ নিৰ্মাণৰ অংশীদাৰ হিচাপে গঢ়ি তোলা বিষয়ত গুৰুত্ব আৰোপ কৰে । তেওঁ শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে নিজৰ দক্ষতা চিনাক্ত কৰি কামৰ ক্ষেত্ৰত কোনো সৰু-বৰ বিচাৰ নকৰি প্ৰতিটো মুহুৰ্তৰ সদব্যৱহাৰেৰে জীৱন গঢ় দিয়াৰ এয়াই উপযুক্ত সময় । দেশ নিৰ্মাণত সমাজৰ প্ৰতিজন লোকেই নিজৰ দায়িত্ব অনুসৰি অৱদান আগবঢ়ালে ভাৰতে খুব কম সময়ৰ ভিতৰতে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বুলি তেওঁ সভাত আশা প্ৰকাশ কৰে ।

তেওঁ যুৱক-যুৱতীসকলক তাৰ বাবে অদম্যভাৱে প্ৰয়াস চলাই যাবলৈ আহ্বান জনায় । উক্ত অনুষ্ঠানত অসম দক্ষতা বিকাশ অভিযানৰ অভিযান সঞ্চালক অংকুৰ জৈন, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, শিক্ষক শিক্ষা পৰিষদ ফাউণ্ডেশ্যনৰ আন্তঃৰাষ্ট্ৰীয় সচিব প্ৰধান অধ্যাপক নীলিমা ভাগৱতী, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মহানন্দ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ ডঃ ৰঞ্জন কুমাৰ কাকতি, জিলা প্ৰশাসনৰ বিষয়ববীয়া, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ উদ্যোগত আৰু অসম দক্ষতা বিকাশ অভিযান-উত্তৰ পূৱ দক্ষতা কেন্দ্ৰ, শিক্ষক শিক্ষা পৰিষদ ফাউণ্ডেশ্যন, অসম আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ সহযোগত অনুষ্ঠানটিৰ আয়োজন কৰা হৈছিল ।

লগতে পঢ়ক: Drama festival : 11 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব 14 সংখ্যক ব্রজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহ

Last Updated : Sep 10, 2023, 9:42 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.