ETV Bharat / state

গৰু বিহুৰ সন্ধিয়া পৰম্পৰা ৰক্ষা কৰিলে মৰিগাঁওবাসীয়ে - গৰু বিহুৰ পৰম্পৰা

অনুষ্টুপীয়াকৈ হ'লেও লক ডাউনৰ মাজতে মৰিগাঁওবাসীয়ে পালন কৰিলে গৰু বিহুৰ পৰম্পৰা ।

goru bihu celebrated in morigaon
goru bihu celebrated in morigaon
author img

By

Published : Apr 13, 2020, 8:08 PM IST

মৰিগাঁও, 13 এপ্ৰিলঃ লক ডাউনৰ মাজতে মৰিগাঁওবাসীয়ে অনুষ্টুপীয়াকৈ হ'লেও পালন কৰিলে গৰু বিহুৰ পৰম্পৰা । গৰু বিহুৰ দিনা গো ধনক জাগ, ন পঘা আদি দিয়ে মৰিগাঁৱৰ কৃষিজীৱি ৰাইজে । পুৱা গৰুক মাহ হালধিৰে নোওৱাৰ পিচত সন্ধিয়া, পথাৰৰ পৰা গোহালিলৈ আদৰি আনিলে গো ধন সমূহ । পদূলিমুখতে গৃহিনীয়ে বিছনী আৰু বিহুৱানেৰে বা দি আদৰি আনিলে কৃষিজীৱী সমাজৰ আধাৰ স্বৰূপ গোহালিৰ গো লক্ষীক । পৰম্পৰা আনুসৰি দুৱৰি, তুলসী পাত সীৰোৱা ন পঘা দি আগবেলা আগবঢ়াই থোৱা পিঠা খোৱাই পালন কৰিলে গৰু বিহুৰ পৰম্পৰা ।

গৰু বিহু পালন কৰিলে মৰিগাঁওবাসীয়ে

লগতে পঢ়কঃ পৰম্পৰা ৰক্ষা কৰি ৰাজ্যজুৰি গৰু বিহু পালন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.