নিউজ ডেস্ক, 27 ফেব্ৰুৱাৰী : অসমৰ কৃষিভূমিৰ অৱস্থাৰ বিষয়ে বুজ লোৱাৰ বাবে মৰিগাঁও জিলাত আহি উপস্থিত হয় জাৰ্মানৰ উন্নয়ন মন্ত্ৰী ডাঃ গেৰ্ড মুলাৰ ৷ মন্ত্ৰীগৰাকীয়ে তেওঁৰ পত্নী গেৰ্টি মুলাৰ হেৰনছৰ লগতে কলকাতাস্থিত জাৰ্মানৰ কনছুল জেনেৰেল ডাঃ মাইকেল ফেইনাৰ আৰু ইগন কোচাংকে, ডেপুটি হেড অৱ মিছনক লগত লৈ 27 ফেব্ৰুৱাৰীত উপস্থিত হয় জিলাখনৰ মোনোহা গাঁওত ৷


আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা সংস্থা ( International Rice Research Institute, IRRI)ৰ উদ্যোগত বিশ্ববেংকৰ দ্বাৰা পূঁজিপ্ৰাপ্ত APART নামৰ প্ৰকল্পৰ বিষয়ে বুজ লয় জাৰ্মানৰ মন্ত্ৰীগৰাকীয়ে ৷ অসম চৰকাৰৰ কৃষি বিভাগ তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ সহযোগত এই প্ৰকল্পৰ কাম চলি আছে ৷ এই প্ৰকল্পৰ দ্বাৰা অসমত চলি থকা জৈৱ বৈচিত্ৰ অনুকূল ধানৰ বীজৰ খেতি তথা ইয়াৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা আৰু খেতিৰ পিচৰ অৱস্থাৰ বিষয়ে বুজ লয় জাৰ্মানৰ উন্নয়ন মন্ত্ৰী ডাঃ গেৰ্ড মুলাৰে ৷



তেওঁ এই প্ৰকল্প পৰিদৰ্শন কৰি কয় যে, "অসমত হৈ থকা এই প্ৰকল্পই বানবিধ্বস্ত এই অঞ্চলটোৰ কৃষকসকলৰ উৎপাদনক্ষমতা বৃদ্ধি কৰাৰ লগতে স্থানীয় কৃষক বিশেষকৈ মহিলাসকলৰ জীৱনধাৰণৰ মাণদণ্ড অধিক উন্নত কৰি তুলিব ৷ এইক্ষেত্ৰত দুখীয়া কৃষকসকলক সহায় কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা সংস্থাই গ্ৰহণ কৰা পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয় ৷"


জাৰ্মানৰ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণত সংগ দিয়ে জ্যেষ্ঠ বিজ্ঞানী ডাঃ শুধাংশু সিং, ডাঃ কানৱাৰ সিং, ডাঃ সূৰ্য কান্ত খান্দাই, আইআৰআৰআইৰ বিষয়া জ্যোতি বিকাশ নাথ, জিলা কৃষি বিষয়া মধুৰাম পাটিৰি, প্ৰকল্প সহযোগী, কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ কাশ্যপ বেজবৰুৱাই ৷