মৰিগাঁও, 24 ডিচেম্বৰ: মৰিগাঁৱত চিপিআই মৰিগাঁও জিলা পৰিষদৰ উদ্যোগত আৰু আঞ্চলিক গণ মৰ্চাৰ সহযোগত বুধবাৰে মৰিগাঁৱৰ বিহুতলীত এক গণ সমাবেশ অনুষ্ঠিত হয় ৷
সমাৱেশত ভাষণ প্ৰদান কৰি আঞ্চলিক গণ গণ মৰ্চাৰ মুখ্য সমন্বয়ক তথা জ্যেষ্ঠ সাংবাদিক মনজিত মহন্তই বিজেপি চৰকাৰক কটু সমালোচনা কৰি মন্তব্য কৰি কয় যে, সাম্প্ৰদায়িক বিদ্বেষ বিয়পোৱা বিজেপিৰ নিচিনা শক্তিৰ সন্মুখত মূৰ তল কৰাতকৈ আমি আত্মহত্যা কৰিবলৈ বেছি ভাল পাম ৷ তেওঁ লগতে কয় যে, বিজেপিৰ সন্মুখত মূৰ তল কৰাতকৈ দেহত শেষ মুহুৰ্তলৈ শক্তি থকা পৰ্যন্ত আমি বিজেপিৰ বিৰুদ্ধে যুঁজ দি যাম ৷
সম্ভৱত অসমত এনে এখন চহৰ নাই য'ত তেওঁলোকৰ বিৰুদ্ধে গোচৰ নাই বুলি মন্তব্য কৰি মহন্তই তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবে বিজেপি দলক প্ৰত্যাহ্বান জনাই কয় যে,আমি মুখ খুলিলেই আমাৰ বিৰুদ্ধে গোচৰ তৰা হয় ৷ কিল খালেও মুখ বন্ধ নকৰো বুলি হুংকাৰ দি মহন্তই লগতে কয় যে যদিহে বিজেপি চৰকাৰৰ সাহস আছে আমাক গ্ৰেপ্তাৰ কৰি দেখুৱাওক ৷
সাংসদ অজিত ভূঞাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা এই গণ সমাৱেশখনি প্ৰসন্ন ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত হয় ৷