ETV Bharat / state

Morigaon Mob lynching:গণ প্ৰহাৰত জড়িত আৰু ৪ অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Aug 9, 2023, 7:59 PM IST

আঁহতগুৰিৰ গণ প্ৰহাৰৰ ঘটনাৰে জড়িত চাৰিজনক আৰক্ষীৰ গ্ৰেপ্তাৰ । ইয়াকে লৈ উক্ত ঘটনাৰ সৈতে জড়িত তেৰজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ ।

Mob lynching in Assam
আঁহতগুৰিৰ গণ প্ৰহাৰ
আঁহতগুৰিৰ গণ প্ৰহাৰ

মৰিগাঁও, ৯ আগষ্ট: আৰক্ষীৰ জালত আঁহতগুৰিৰ গণ প্ৰহাৰ কাণ্ডত জড়িত আৰু চাৰি অভিযুক্ত । অভিযুক্তকেইটা আত্মগোপন কৰি আছিল । বুধবাৰে নিশা ধৰমতুল আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া সুৰুয টেৰণৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় অভিযুক্ত ক্ৰমে কীৰ্তি কমল দাস,নিতুমণি দাস, বদন দাস আৰু কৃষ্ণ দাস । চাৰি অভিযুক্তক মৰিগাঁও আৰক্ষী থানাই তদন্ত চলাই স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে বুলি সদৰী কৰে আৰক্ষীয়ে ।

উল্লেখ্য় যে ইয়াৰ পূৰ্বে আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে জড়িত গ্ৰেপ্তাৰ কৰাকেইটা হৈছে ক্ৰমে যোগেশ্বৰ দাস,বাবুলি দাস,অজিত দাস,কমলেশ্বৰ দাস,ছত্ৰসিংহ দাস । দুগৰাকী মহিলা আৰু কংকণ বৰা নামৰ এজন যুৱককে ধৰি নজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰি আন অভিযুক্ত সকলৰ বিৰুদ্ধে অব্যাহত ৰাখে তদন্ত । উক্ত ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে এই ঘটনাৰ সৈতে জড়িত সকলো অভিযুক্ত গ্ৰেপ্তাৰ কৰিব বুলি ঘোষণা কৰিছিল ।

উল্লেখ্য় যে গৰু চোৰৰ সন্দেহত স্থানীয় বৰবৰী গাঁৱৰ ছয়জন কাবাডী খেলুৱৈ আঁহতগুৰিৰ সমীপৰ নাৰমাৰীত কাবাডী খেল চাই ঘৰলৈ ঘূৰি যোৱাৰ সময়তে বৰষুণ পৰা বাবে বৰ আঁহতগুৰিত আশ্ৰয় লৈছিল । ইফালে, কাবাদী খেলুৱৈসকলে আঁহতগুৰিত আশ্ৰয় লোৱাৰ পূৰ্বে কলিয়া দাস নামৰ খেতিয়ক পৰিয়ালৰ দুটা গৰু চুৰি হোৱাৰ বাবে উত্তেজিত হৈ আছিল জনতা । উত্তেজিত জনতাই কাবাদী খেলুৱৈয়ে চলোৱা দুখন বাইক জ্বলাই দিছিল । আনকি ঘটনা নিয়ন্ত্ৰণৰ বাবে উপস্থিত হোৱা আৰক্ষীৰ ওপৰতো জনতাই কৰে আক্ৰমণ ।

উক্ত আক্ৰমণত কেইবাগৰাকী আৰক্ষী আহত হোৱাৰ লগতে আৰক্ষীৰ বাহনো ক্ষতিগ্ৰস্ত হয় । স্মৰ্তব্য যে গণ প্ৰহাৰৰ বলি দুজন অদ্যপি চিকিৎসাধীন হৈ থকাৰ বিপৰীতে চাদ্দাম হুছেইন নামৰ এজন যুৱকে অকাল মৃত্যুক সাবতি লব লগা হৈছিল । এই ঘটনা প্ৰশমণ কৰাৰ বাবে অসম আৰক্ষী আই জিপি পি কে ভূঞাকে ধৰি কেইবাগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া আঁহতগুৰিত উপস্থিত হ'ব লগা হৈছিল ।

লগতে পঢ়ক :Moirabari police arrested four thieves:চুৰি কৰা ই-ৰিক্সা সহ চাৰি চোৰ মৈৰাবাৰী আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.