ধিং,4 জানুৱাৰী: মৰিগাঁৱবাসীৰ বাবে দীৰ্ঘদিনীয়া সমস্যা হিচাপে পৰিগণিত হৈছে বানৰ লগতে গৰাখহনীয়া ৷ লুইতৰ বুকুত জাহ গৈছে জিলাখনৰ এটাৰ পিছত আনটো অঞ্চল ৷ ঘৰবাৰী হেৰুৱাই আশ্ৰয়স্থল নোহোৱা হৈছে শতাধিক লোকৰ ৷
1950 চনৰ বৰ ভূঁইকপৰ পিছত ব্ৰহ্মপুত্ৰৰ বুকুত পৰা প্ৰভাৱৰ পিছতে মৰিগাঁৱত গতিপথ সলনি কৰিছিল ব্ৰহ্মপুত্ৰ নদীয়ে ৷ 1979 চনৰ পিছৰে পৰা জিলাখনত ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে খহনীয়াই ৷ 1988 চনত জিলাখনৰ প্ৰথমটো বানত জাহ গৈছিল উত্তৰ-পশ্চিম এলেকাৰ 96 খন গাঁও ৷ গৃহহীন হৈ পৰিছিল প্ৰায় 8,000 কৈ লোক ৷ মৈৰাবাৰী মৌজাৰ অধীনষ্ঠ চিতমমাৰী, মদাৰগুৰি, শালমাৰী আৰু গৰৈমাৰী গাঁৱৰ আজিও 2000 লোকৰ আশ্ৰয়স্থলী হৈ পৰিছে ৰাজপথ ৷
পৰৱৰ্তী সময়ত 1989 চনত হোৱা বানে ক্ষতিসাধন কৰিছিল ধুমকুৰা, শিয়ালমাৰীৰ 3,330 টা পৰিয়ালৰ ৷ এই খহনীয়াই কালৰূপ ধাৰণ কৰি ভেটি-মাটি উছন কৰিছিল 20,000 লোকৰ ৷ চৰকাৰী সমীক্ষা অনুসৰি,1989-1992 চনলৈ মৰিগাঁৱত খহনীয়াত জাহ যায় 93 খন কৃষি প্ৰধান গাঁও ৷ লাহৰীঘাট সমষ্টিত সম্পূৰ্ণৰূপে গৃহহীন হৈ পৰে প্ৰায় 60 হাজাৰ লোক ৷
1993 চনৰ বানে বিধ্বস্ত কৰে 228 খন গাঁৱৰ 2,29,436 গৰাকী লোকক ৷ নিৰাপদ আশ্ৰয়স্থলৰ বিচাৰি এইসকল লোকে ঢাপলি মেলে অৰুণাচল, মণিপুৰ, মেঘালয় অভিমুখে ৷ 1995 চনৰ বান-খহনীয়াত 402 খন গাঁৱৰ 11 হেজাৰ লোকে ঘৰবাৰী হেৰুৱাই গৃহহীন হৈ পৰাৰ লগতে বিস্তৰ ক্ষতিসাধন হয় 5 টা ৰাজহ চক্ৰৰ অন্তৰ্গত 440.50 বৰ্গ এলেকাৰ ভূমি ৷
1996 চনৰ বানত ক্ষতিগ্ৰস্ত হয় ভূৰাগাঁও ৰাজহ চক্ৰৰ 29 খন গাঁৱৰ 16,690 গৰাকী লোক ৷ চৰকাৰী তথ্য মতে 1998 চনৰ বানৰ ক্ষয়-ক্ষতিৰ পৰিমাণ আছিল 33 কোটি 54 লাখ টকা ৷ ৰাজপথত আশ্ৰয় লৈছিল 350 খন গাঁৱৰ 14 হেজাৰ পৰিয়ালে ৷ 2006 চনত গৃহহীন হৈ পৰে মৈৰাবাৰী মৌজাৰ 14 হেজাৰ লোক ৷
ইয়াৰ পিছতো খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ৷ বিগত সময়ছোৱাত মৈৰাবাৰী মৌজাৰ 20 খন গাঁও, লাহৰীঘাট ৰাজহ চক্ৰৰ 41 খন, বুৰাগাঁও ৰাজহ চক্ৰৰ 23 খন, মায়ং ৰাজহ চক্ৰৰ 17 খন আৰু পকৰীয়া মৌজাৰ 11 খন গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত চিৰদিনৰ বাবে বিলীন হোৱাৰ পাছত কংগ্ৰেছ চৰকাৰে ভূৰাগাঁৱৰ কাপোৰপুৰী, হাতীলেৰুৱা নাথ গাঁৱত শৈল্য স্পাৰ নিৰ্মাণৰ বাবে প্ৰথমে 7 কোটি পাছৰ পৰ্যায়ত 66 কোটি 35 লাখ টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আৱণ্টন আনে ৷ 9 টা শৈল্য স্পাৰ নিৰ্মাণৰ পিছতো খহনীয়া ৰোধ কৰিব পৰা নাই চৰকাৰে ৷ ইয়াৰ কাৰণ হৈছে পৰিকল্পিত আৰু বিজ্ঞানসম্মত আঁচনিৰ অভাৱ ৷
2001 চনৰ বানত 20 কোটি টকাৰ সা-সম্পত্তি বিনষ্ট হোৱাৰ পিছতে 2008 চনত শৈল্য স্পাৰ নিৰ্মাণৰ নামত চৰকাৰে মুকলি কৰি দিছিল 88 কোটি টকীয়া পেকেজ ৷ 2001 চনৰ পৰা 2017-18 বৰ্ষলৈকে চৰকাৰে এম জি এনৰেগাকে ধৰি জলসম্পদ বিভাগৰ বিভিন্ন শিতানত বান-খহনীয়াৰ নামত ব্যয় কৰি আহিছে প্ৰায় 900 কোটি টকা ৷ তাৰপিছতো খহনীয়াৰ সমস্যাৰ পৰা বাদ নপৰিল মৰিগাঁৱৰ অধিকাংশ লোক ৷ ভয়ংকৰভাৱে অব্যাহত থকা খহনীয়াই অমানিশা নমাই আনিছে প্ৰায় 3 লক্ষ জন সাধাৰণলৈ ৷ খহনীয়াৰ এনে তাণ্ডৱে হয়তো এসময়ত ৰাজ্যৰ মানচিত্ৰৰ পৰা নিশ্চিহ্ন কৰিব মৰিগাঁৱৰ অধিকাংশ এলেকা ৷
লগতে চাওকঃ 2022 চনত প্ৰকাশ পাব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান