ETV Bharat / state

মায়ং ৰাজহ চক্ৰত স্বপন কুমাৰ মণ্ডলৰ বান সাহাৰ্য

author img

By

Published : Jul 16, 2020, 8:14 PM IST

মৰিগাঁৱৰ বান পৰিস্থিতি সামান্য উন্নত। ঠায়ে ঠায়ে পানী কমিছে যদিও জলমগ্ন জিলাখনৰ কেইবাটাও ৰাজহচক্ৰ। খাদ্যৰ অভাৱত লক্ষাধিক বন্যাৰ্ত। পানীৰ তলত লক্ষাধিক হেক্টৰ কৃষিভূমি । সাতদিনৰ পাছতো লাভ কৰা নাই চৰকাৰী বান সাহাৰ্য ।

চৰকাৰী বানসাহাৰ্যৰ পৰা বঞ্চিত মায়ংবাসী
মায়ং ৰাজহ চক্ৰত স্বপন কুমাৰ মণ্ডলৰ বান সাহাৰ্য

মৰিগাঁও, 16 জুলাই : সাতদিনৰ পাছতো চৰকাৰী বান সাহাৰ্যৰ পৰা বঞ্চিত মৰিগাঁৱৰ বন্যাৰ্ত । কাৰ্যত জিলাখনৰ মায়ং,পকৰীয়া,মনহা,ঘগুৱা আদিকে ধৰি মায়ং ৰাজহ চক্ৰৰ ১৯০ খন ৰাজহ গাঁৱৰ দুই লক্ষাধিক বানাক্ৰান্তই লাভ কৰা নাই চৰকাৰী বান সাহাৰ্য ।

ইয়াৰ মাজতে বৃহস্পতিবাৰে মায়ঙৰ বানাক্ৰান্তলৈ সাহাৰ্য আগবঢ়ালে প্ৰাক্তন মায়ং জিলা পৰিষদৰ সদস্য,অনুসূচীত জাতি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ তথা সমাজ সেৱক স্বপন কুমাৰ মণ্ডলে । পুৱাৰ ভাগত ঝাৰগাঁও বজাৰৰ পাৰ ঘাটৰ পৰা ভুতভুতী নাৱেৰে বন্যাৰ্তৰ মাজত উপস্থিত হয় মণ্ডল ৷ মদনবড়ী, গাগলমাৰি, আলিচিগা,বঙালমাৰা,ঘগুৱা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা মনহা মৌজাৰ দুহেজাৰ বন্যাৰ্তক খাদ্য সম্ভাৰ প্ৰদান কৰে মণ্ডলে ৷

সাহাৰ্য প্ৰদান কৰি তেওঁ সকলোকে সমানে ভগাই ল'বলৈ আহ্বান জনায় ৷ তেওঁ কয়,"মই কোনো মন্ত্ৰী, বিধায়ক নহয় । সেয়ে মোৰ সাধ্যানুসৰি যি পাৰিছো আমাৰ গোটেই কেইটা মৌজাৰ বন্যাৰ্তৰ বাবে আগবঢ়াইছো ।"

আনহাতে,এসপ্তাহৰ পাছতো চৰকাৰী খাদ্য সম্ভাৰ,বিশুদ্ধ খোৱাপানীৰ বাবে জিলা প্ৰশাসন, মন্ত্ৰী তথা স্থানীয় বিধায়ক,জনস্বাস্থ্য বিভাগৰ লোক আদি উপস্থিত নোহোৱা বুলি অভিযোগ কৰাত শীঘ্ৰে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰি খোৱা পানী আৰু খাদ্য সম্ভাৰৰ দিহা কৰিব বুলি মন্তব্য আগবঢ়াই স্বপন কুমাৰ মণ্ডলে ।

লগতে পঢ়ক : কাজিৰঙাৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.