মৰিগাঁও,21 ফেব্ৰুৱাৰীঃ মৰিগাঁও আৰক্ষীৰ জালত পৰিছে পাঁচ দুৰ্ধৰ্ষ ডকাইত । শনিবাৰে পুৱতি নিশা নগাঁৱৰ জুৰীয়া অভিমুখে ডকাইতি কাণ্ড সংঘটিত কৰি AS 02 K 5664 নম্বৰৰ বাহন এখনেৰে আহি থকা অৱস্থাত মৰিগাঁও আৰক্ষীৰ জালত পৰে ডকাইত কেইটা ৷
প্ৰাপ্ত তথ্য অনুসৰি,বিগত ১৫ ফেব্ৰুৱাৰীত মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটি আৰক্ষীৰ চকীৰ ভিতৰুৱা সাতগাঁৱৰ নিবাসী নীৰৱ দাসৰ ঘৰত নিশা প্ৰায় ডেৰমান বজাত পালনাম মহোৎসৱৰ সুবিধা লৈ ছয়জনীয়া এটা ডকাইতৰ দলে দৰ্জাৰ গ্ৰীল ভাঙি ডকাইতি কাণ্ডটো সংঘটিত কৰে । ছয়জনীয়া ডকাইতৰ দলটোৱে দাস দম্পতীক বান্ধি নগদ ধন আৰু আ-অলংকাৰ লুট কৰি লৈ যায় ৷ পৰৱৰ্তী সময়ত মৰিগাঁও জিলা আৰক্ষী ডঃ নন্দ সিং বৰকলাই নিজে গৈ ঘটনাৰ পৰ্যবেক্ষণ কৰি গৃহস্থক দহ দিনৰ ভিতৰত ডকাইত গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিয়ে ৷
উল্লেখ্য যে,আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত অতিৰিক্ত আৰু উপ আৰক্ষী অধীক্ষক সহ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ দলটোৱে অতি বিচক্ষণতাৰে জাল পেলাই শুকুৰবাৰে নিশা মৈৰাবাৰীত জুৱা খেলিবলৈ অহাৰ খবৰ লাভ কৰি অভিযান চলাই পুৱতি নিশা নগাঁৱৰ জুৰীয়া অভিমুখে আহি থকা অৱস্থাত আদবাটতে আগচি ধৰি পাঁচটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
আনহাতে দলটোৰ পৰা ডকাইতি কাণ্ডত ব্যৱহৃত সা-সামগ্ৰী, ম’বাইল আৰু নগদ ধন উদ্ধাৰ কৰে । ইফালে শনিবাৰে বিয়লি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত ধৃত ডকাইত কেইটাই দিয়া স্বীকাৰোক্তি অনুসৰি ডকাইতি কৰি নিয়া সোণৰ গহনা বিক্ৰীৰে লাভ কৰা ধনেৰে জুৱা খেলিবলৈ আহিছিল ডকাইত কেইটাই ৷ চুৰি কৰি নিয়া গহনা কেইপদ পলাতক আন এজন ডকাইতে নগাঁও চহৰৰ এজন সোণাৰিক বিক্ৰী কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে আত্মগোপন কৰা ডকাইতটোৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান । তদন্তৰ খাতিৰত ডকাইতৰ দলটোৰ বৰ্তমান নাম আৰু ঠিকনা গোপনে ৰাখিছে আৰক্ষীয়ে ।