ETV Bharat / state

Magh Bihu 2023: ঐতিহাসিক বমানি বিলত মাছ ধৰিবলৈ ভিৰ সহস্ৰাধিক লোকৰ

author img

By

Published : Jan 14, 2023, 7:53 PM IST

কামৰূপ জিলাৰ ঐতিহাসিক ডিমৰীয়া ৰাজ্যৰ বমানি বিলত মাছ ধৰা উৎসৱ ৷ উৰুকাৰ দিনে পৰম্পৰাগত ভাৱে বিলখনত মাছ ধৰিবলৈ আহে বিভিন্ন প্ৰান্তৰ পৰা আহে হাজাৰ হাজাৰ লোক ৷ তিৱা লোকগীতৰ তালে তালে মাছ ধৰাৰ আমেজ লয় সকলোৱে ৷

Magh Bihu 2023
ঐতিহাসিক বমানি বিলত মাছ ধৰিবলৈ ভিৰ সহস্ৰাধিকলোকৰ

মৰিগাঁও, 14 জানুৱাৰী: ভোগালীৰ উচাহত মতলীয়া ৰাজ্যবাসী(Bhugali Bihu 2023) ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভিন্ন আকৃতিৰ ভেলাঘৰ, মেজি নিৰ্মাণ কৰি ডেকা, বু়ঢ়া, জীয়াৰী সকলোৱে একেলগে এসাঁজ খোৱাৰ বাবে সমবেত হৈছে(Bhugali Bihu celebration) ৷ বিহুগীতৰ তালে তালে কঁকাল ভাঙিছে ডেকা-বুঢ়া, জীয়াৰী-বোৱাৰী সকলোৱে ৷ এই নিশা ভোগৰ নিশা, আনন্দৰ নিশা ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ ঐতিহাসিক ডিমৰীয়া ৰাজ্যৰ বমানি বিলত উৰুকাৰ দিনা মাছ মাৰিবলৈ নামিল শ শ লোক(Fishing in Bamani bill) ৷ জাতি,ধৰ্ম,বৰ্ণ,ভাষা নিৰ্বিশেষে সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰি ঐতিহ্যমণ্ডিত বমানি বিলত ৰাইজৰ কিৰিলি । গাইছে লোকগীত । লোকগীতৰ তালে তালে প্ৰাচীন প্ৰতীকী ৰাজ্যৰ ৰজা, ডা-ডাঙৰীয়া, বিষয়ববীয়াক সকলক বিলৰ পাৰলৈ আদৰি অনা হয় ।

লগতে পঢ়ক: Bhugali Bihu 2023: বঙাইগাঁও জিলাৰ চৌতাৰাত ভোগালীৰ উচাহ

তিৱা লোকগীত, নৃত্য পৰিৱেশন কৰি মৎস্য চিকাৰৰ সমান্তৰালকৈ উৰুকাৰ দিনটোতে সকলোৱে এপাক নাচি-বাগি পৰিবেশন কৰে মাছধৰা গীত । উৰুকাৰ নিশা মাছে-মঙহে এসাঁজ খোৱাৰ বাবে ডিমৰীয়া অঞ্চলৰ লগতে দূৰ-দূৰণিৰ পৰা গৈ বমানি বিলত কিৰিলি পাৰি জাল, জুলুকি,পল আদি লৈ মৎস্য চিকাৰ কৰে বহুলোকে(Magh Bihu celebration) ৷

মাছ কোনে পাইছে বা কোনে নাই পোৱা সেইয়া গৌণ হৈ পৰে এই ঐতিহ্যমণ্ডিত বমানি বিলৰ জলৰাশিত । ৰাজনীতিৰ মেৰপেচত পৰি জাতি-ধৰ্ম-বৰ্ণ বিন্যাস কৰাৰ বিপৰীতে বমানি বিলৰ পাৰত এই পৰম্পৰাগত মৎস্য চিকাৰে গঢ়ি তুলিছে সমন্বয় সাঁকো ।

উল্লেখযোগ্য যে, এই বমানি বিলত ডিমৰীয়া ৰজা তথা পাৰিষদ সকলে নিৰ্দেশনা প্ৰদান কৰাৰ পিছতেই সকলোৱে পৰম্পৰাগভাৱে মাছ ধৰিবলৈ আহে ৷ মুঠৰ ওপৰত ঐতিহাসিক মাছ ধৰা পৰম্পৰাক ধৰি ৰখাৰ চেষ্টা সকলোৰে ৷ কিন্তু লক্ষণীয় কথাটো হ’ল যে, লাহে লাহে তৰাং হৈ পৰিছে বমানি বিলৰ বক্ষ ৷ তাৰ সমান্তৰালভাৱে বিলৰ পাৰত আৰম্ভ হৈছে বেদখল ৷ এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান স্থানীয় দল-সংগঠনৰ ৷

লগতে পঢ়ক: Uruka of Bhogali Bihu : এখন গাঁৱৰ ৰাইজৰ ব্যতিক্ৰমী চিন্তা, ব্যতিক্ৰমী কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.