ETV Bharat / state

Jagirod police:অৱশেষত আৰক্ষীৰ জালত ভুৱা চৰকাৰী বিষয়া

author img

By

Published : Jul 4, 2023, 4:43 PM IST

তেওঁৰ মুঠ ছদ্ম নাম আছে চাৰিটা ৷ ভিন্ন ঠাইত ভিন্ন নাম ৷ তেনেকৈহে জীৱিকা চলে তেওঁৰ ৷ নিজ কৰ্মৰে জনাজাত হৈ অৱশেষত ৰঙা ঘৰৰ আলহী হ’ল এইজন বিখ্যাত ভুৱা চৰকাৰী বিষয়া ৷ সবিশেষ আগলৈ-

fake government officer who is a gold thief
আৰক্ষীৰ জালত ভুৱা চৰকাৰী বিষয়া
আৰক্ষীৰ জালত ভুৱা চৰকাৰী বিষয়া

মৰিগাঁও, 4 জুলাই : সোণ চুৰিৰ নতুন কৌশল ৷ নিজকে চৰকাৰী কৰ্মচাৰী সজাই জুৱেলাৰী দোকানৰ পৰা ক্ৰয় কৰিছিল সোণ ৷ এক, দুই লাখ নহয় প্ৰায় ন লাখ টকা মূল্যৰ সোণ ৷ এইটোৱেই কৌশল তেওঁৰ ৷ ৰাজ্যৰ কেইবাখনো জিলাত এইদৰেই সোণ লুটি আহিছিল তেওঁ ৷

শেহতীয়াভাৱে জাগীৰোডৰ এম কে জুৱেলাৰ্চ নামৰ সোণৰ প্ৰতিষ্ঠানটোলৈ গৈছিল এজন চৰকাৰী বিষয়াৰ পৰিচয়েৰে ৷ প্ৰতিষ্ঠানটোৰ পৰা ভুৱা RTGS ৰে টকা ট্ৰেন্সফাৰ কৰা দেখুৱাই লুটিছিল প্ৰায় ৯ লাখ টকাৰ সোণ ৷ ৯ লাখ টকাৰ সোণ ক্ৰয় কৰি ভাবিছিল ৰাম ঠগন দিয়াৰ কথা ৷ কথা মতেই কাম ৷ এদিনৰ ভিতৰতে এই ন লাখ টকাৰ সোণ বিক্ৰী কৰি আহিলগৈ কলকাতাত ৷ কিন্তু কলকাতাত সোণ বিক্ৰী কৰি ঘূৰি আহোঁতেই লাগিল কেণা ৷

কথা এষাৰ আছে নহয়, এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ তেওঁৰ লগতো একেই ঘটিল ৷ কলকাতাত সোণ বিক্ৰী কৰি ঘূৰি আহোঁতেই জাগীৰোড আৰক্ষীৰ জালত পৰিল এইজন তিনিচুকীয়াৰ প্ৰৱঞ্চক ৷ চৰকাৰী চাকৰিয়ালৰ পৰিচয় হ’লগৈ সোণ চোৰ ৰূপে ৷ তিনিচুকীয়াৰ প্ৰৱঞ্চক বিশাল গগৈ ওৰফে জান্টু ওৰফে ৰাজীৱ দাসৰ আছে আৰু এটা নাম ৷

জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুন প্ৰকাশ তিৱাৰীৰ নেতৃত্বত মাত্ৰ ১২ ঘন্টাৰ ব্যৱধানত এখন নৈশ বাছৰ পৰা কিছু সোণ আৰু নগদ ধনসহ আৰক্ষীয়ে আটক কৰে প্ৰৱঞ্চকটোক ৷ জাগীৰোড আৰক্ষী থানাত ২০৩/২৩ নম্বৰ গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, তিনিচুকীয়া, ডিব্ৰুগড়, বঙাইগাঁও, সোণাৰি, শিৱসাগৰ আদি ৰাজ্যৰ মুঠ ৮ টা স্থানত সোণ চুৰিৰ লগতে হত্যাৰ গোচৰো ৰুজু হৈ আছে বিশাল গগৈৰ বিৰুদ্ধে ।

লগতে পঢ়ক : Fake DC Arrested:ৰাইজৰ ৰুদ্ৰ মূৰ্তি দেখি পলাল ভুৱা আয়ুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.