ETV Bharat / state

মুম্বাই নহয়, অসমৰ অখ্যাত গাঁৱত বলিউডৰ ষ্টান্ট (stunt) - somersault

আৰ্থিক অনাতনৰ বাবে যুৱক-যুৱতীৰ দলটোৱে শৰীৰ চৰ্চাৰ (martial arts) সজুঁলি কিনিবলৈ অপাৰগ হোৱাহেতুকে তামোল গছ, বাঁহ, কলগছ, লো’, চাৰিচকীয়া বাহনৰ টায়াৰ, চিমেণ্টেৰে বনাই লোৱা সজুঁলি ব্যৱহাৰ কৰি চলাই গৈছে শৰীৰ চৰ্চা ৷ কেৱল শৰীৰ চৰ্চাই নহয়, বিনা দ্বিধাই এওলোকে বগাব পাৰে ঘৰৰ দেৱাল(somersault), সামৰিক কায়দাত উঠিব পাৰে জখলা ৷

এখন বাঁহ বাৰীত কেইজনমান যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা

author img

By

Published : Jun 11, 2021, 8:34 PM IST

মৰিগাঁও,11জুন: মৰিগাঁও জিলাৰ মানিপুৰৰ কেইজনমান যুৱক-যুৱতীৰ প্ৰতিভা দেখিলে আপুনিও হ’ব আচৰিত ৷ মৰিগাঁৱৰ সমীপৰ মানিপুৰ গাঁৱৰ বিকাশ বৰদলৈ নামৰ এজন যুৱকৰ নেতৃত্বত দুগৰাকী যুৱতীকে ধৰি যুৱকৰ এটা দল দৈনিক সমবেত হয় এডৰা বাঁহনিত ৷ কিয় জানেনে কোনো প্ৰশিক্ষক অথবা কোনো আধুনিক সজুঁলি নোহোৱাকৈয়ে গাঁৱৰ এডৰা বাঁহনিত এওলোকে চলাই গৈছে শৰীৰ চৰ্চা ৷

এখন বাঁহ বাৰীত কেইজনমান যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা
মুম্বাই নহয়, অসমৰ অখ্যাত গাঁৱত বলিউডৰ ষ্টান্ট

একেদৰে আৰ্থিক অনাতনৰ বাবে তেওঁলোকে শৰীৰ চৰ্চাৰ (martial arts) সজুঁলি কিনিবলৈ অপাৰগ হোৱাহেতুকে তামোল গছ, বাঁহ, কলগছ, লো’, চাৰিচকীয়া বাহনৰ টায়াৰ, চিমেণ্টেৰে বনাই লোৱা সজুঁলি ব্যৱহাৰ কৰি চলাই গৈছে শৰীৰ চৰ্চা ৷ কেৱল শৰীৰ চৰ্চাই নহয়, বিনা দ্বিধাই এওলোকে বগাব পাৰে ঘৰৰ দেৱাল, সামৰিক কায়দাত উঠিব পাৰে জখলা ৷ সম্প্ৰতি এওলোক এক যুঁজাৰু দল বুলি পৰিচয় পাবলৈ ধৰিছে সৰ্বত্ৰে ৷

উল্লেখযোগ্য যে, প্ৰায় তিনি বছৰৰ পূৰ্বৰে পৰা শৰীৰ চৰ্চা আৰম্ভ কৰা যুৱক যুৱতীৰ এই দলটোৱে ক‘ভিডৰ বাবে হোৱা আংশিক লক ডাউনৰ সময়চোৱাত অনুশীলন কৰিছে অধিক সময় ৷ আৰ্থিক ভাৱে পিছপৰা গ্ৰামাঞ্চলৰ এই সকল প্ৰতিভাৱান যুৱক যুৱতীৰ প্ৰতিভা নিজ চকুৰে প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ৷ মৰিগাঁৱৰ সমীপৰ মানিপুৰ গাঁৱৰ দুগৰাকী যুৱতীকে ধৰি যুৱকৰ দলটো হৈছে এতিয়া সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু ৷

মনকৰিবলগীয়া যে, কোনো জিমলৈ নোযোৱাকৈ ঘৰুৱা ভাৱে তৈয়াৰ কৰা সজুঁলিবোৰ ব্যৱহাৰ কৰিয়েই শৰীৰ চৰ্চাত ব্যস্ত হৈ পৰিছে যুৱক-যুৱতীৰ দলটো। তেঁওলোকৰ ষ্টান্টৰ প্ৰতিটো ষ্টেপত এক শিহৰণকাৰী আৰু চকু ৰৈ যোৱা দৃশ্যই আপোনাকো মন্ত্ৰমুগ্ধ কৰি তুলিব ৷ মুঠতে এক অকল্পনীয় ছবিক বাস্তৱ ৰূপ দিছে মৰিগাঁৱৰ এইসকল যুৱক যুৱতীয়ে ৷

লগতে পঢ়কঃ পৰিয়াল পৰিকল্পনা নীতি গ্ৰহণ কৰক সংখ্যালঘু সম্প্ৰদায়ে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.