ETV Bharat / state

Brahmaputra river Erosion: মৈৰাবাৰীত ব্ৰহ্মপুত্ৰৰ খৰাখনীয়া ৰোধৰ হকে ৰাইজৰ শ্ৰমদান - Myrabari Town in Morigaon

হাতে-হাতে কোৰ, পাচি লৈ নৈ পাৰলৈ ওলাই আহিল মৈৰাবাৰীবাসী (Brahmaputra river Erosion in Morigaon)৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ বাট নাচাই খহনীয়া প্ৰতিৰোধৰ হকে আহিল মৰিগাঁৱৰ মৈৰাবাৰীবাসী ৷

Brahmaputra river Erosion
মৈৰাবাৰীত ব্ৰহ্মপুত্ৰৰ খৰাখনীয়া ৰোধৰ হকে ৰাইজৰ শ্ৰমদান
author img

By

Published : Jul 12, 2022, 8:42 AM IST

ধিং, 12 জুলাই : ৰাজ্যত অব্যাহত আছে বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ (Flood and Erosion in Assam) ৷ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই অতিষ্ঠ কৰি তুলিছে নদীপৰীয়া ৰাইজক ৷ প্ৰতি মূহুৰ্তত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ গৈছে ইখনৰ পাচত সিখন গাঁও ৷

ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ লেখীয়াকৈ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া মহমৰা গাঁৱতো যোৱা কিছুদিন ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়া (Brahmaputra river Erosion in Morigaon) ৷ এই খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন সময়ত মৈৰাবাৰী অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰি আহিছে যদিও ৰাইজৰ আবেদনে গা লৰাব পৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷

মৈৰাবাৰীত ব্ৰহ্মপুত্ৰৰ খৰাখনীয়া ৰোধৰ হকে ৰাইজৰ শ্ৰমদান

আনকি এই ক্ষেত্ৰত স্থানীয় বিধায়ক আৰু সাংসদ গৌৰৱ গগৈৰ পৰাও কোনো সঁহাৰি নাপালে অঞ্চলটোৰ ৰাইজে ৷ উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে নিজে খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহে ৷ হাতে হাতে কোৰ, পাচি লৈ সোমবাৰে পুৱাই খহনীয়া ৰোধ কৰিবলৈ অঞ্চলটোৰ ৰাইজ ওলাই অহা দেখা গ’ল ৷

উল্লেখ্য যে, যোৱা বছৰ মৈৰাবাৰীৰ পৰা তিনি কিলোমিটাৰ নিলগত অৱস্থিত লেৰুৱামুখ গাঁৱৰ প্ৰায় 80% খহনীয়াৰ গৰাহত পৰি বিলীন হৈ যায় । ফলত শ শ পৰিয়ালে মাটি-বাৰী হেৰুৱাই সৰ্বস্বান্ত হোৱাৰ লগতে গৃহহীন হৈছে । ইফালে নদীৰ খহনীয়া লাহে লাহে ধাৱমান হৈছে মৈৰাবাৰী টাউনৰ দিশে (Erosion of Brahmaputra slowly moving towards Myrabari Town) ।

সেয়ে চৰকাৰলৈ আশা নকৰি অঞ্চলটোৰ ৰাইজে নিজা প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে হাতে-কামে লগা দেখা গ’ল ৷

লগতে পঢ়ক : চাবুৱাৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিৰ্দশন বিধায়ক পোনাকণ বৰুৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.