ETV Bharat / state

খোদ আৰক্ষীয়ে নিৰ্বাচনৰ প্ৰাৰ্থীক অপহৰণ কৰাৰ অভিযোগ

author img

By

Published : Nov 28, 2020, 8:08 AM IST

তিৱা স্বায়ত্ব শাসন পৰিষদৰ এখন মনোনয়ন পত্ৰ নাকচ হোৱাৰ বিৰুদ্ধে মৰিগাঁৱত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। লগতে কংগ্ৰেছী প্ৰাৰ্থী কংকনা বৰদলৈ পাটৰক মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিগত 25 নৱেম্বৰত মৰিগাঁও আৰক্ষী বিষয়া প্ৰদীপ বৰাই অপহৰণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

নিৰ্বাচন প্ৰাৰ্থীক আৰক্ষীয়ে অপহৰন কৰাৰ অভিযোগ

মৰিগাঁও,28 নৱেম্বৰ: তিৱা স্বায়ত্ব শাসন পৰিষদৰ এখন মনোনয়ন পত্ৰ নাকচ হোৱা সন্দৰ্ভত মৰিগাঁৱত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। অসমৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে আম আদমী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব বুলি জানিব পৰা গৈছে ৷ প্ৰতিবাদকাৰীসকলে ৰাজপথৰ ওপৰতেই বহি প্ৰাক্তন মন্ত্ৰীৰ পৰা সাধাৰণ কৰ্মীলৈ দিলে চৰকাৰ বিৰোধী শ্ল’গান ।

এক কথাত ক’বলৈ গ'লে মৰিগাঁও জিলা কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল মৰিগাঁও বিহুতলী । প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে বিশাল আকাৰৰ বেৰিকেড সাজি বাধা প্ৰদান কৰে আৰক্ষীয়ে ।

মনকৰিবলগীয়া যে,তিৱা স্বায়ত্বশাসন পৰিষদৰ 14নং গোভা পৰিষদীয় সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী কংকনা বৰদলৈ পাটৰক মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিগত 25 নৱেম্বৰত মৰিগাঁও আৰক্ষী বিষয়া প্ৰদীপ বৰাই অপহৰণ কৰি সময় ওকলি যোৱাৰ পিচত ৰহস্যজনকভাৱে জাগীৰোডত মুকলি কৰি দিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ ৷

লগতে পঢ়ক:তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব আপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.