মৰিগাঁও,১৩ মে’: ৰাজ্যত মহামাৰী ক’ৰণাৰ দ্বিতীয় লহৰৰ মাজতে শুকুৰবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাহজোৰা ব্ৰতৰ পাছত উদযাপন কৰিব পবিত্ৰ ঈদ-উল-ফিতৰ । ঈদ উপলক্ষে বৃহস্পতিবাৰে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ইবাদুল আলীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে ।
প্ৰেম, ভাতৃত্ব আৰু সমন্বয়ৰ বাণী লৈ অহা এই ঈদত সকলোৱে চৰকাৰৰ স্বাস্থ্য বিভাগৰ ক’ভিড প্ৰ’টকল মানি ঘৰতে নামাজ আদায় কৰে, তাৰ বাবে আহ্বান জনায় ইবাদুল আলীয়ে ।
লগতে পঢ়ক: কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল