চামগুৰি, 16 ডিচেম্বৰ : তিৱা নিৰ্বাচনক কেন্দ্র কৰি নগাঁও আৰু মৰিগাঁও জিলাত বুধবাৰৰ পৰা চাৰি দিনীয়া 'ড্ৰাই ডে' ঘোষণা কৰিছে প্ৰশাসনে । 'ড্ৰাই ডে' ঘোষণা কৰাৰ প্ৰথম দিনাই বিলাতী সুৰা সহ এজনক গ্ৰেপ্তাৰ কৰিছে ধিং আবকাৰী বিভাগে । গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম দীপক দাস বুলি জানিবলৈ দিয়ে আবকাৰী বিভাগে ৷

তথ্য অনুসৰি, দিন দুপৰতে ধিং বজাৰত গোপনে বিলাতী সুৰা বিক্ৰী কৰি আছিল লোকজনে । লোকজনৰ পৰা বহু পৰিমানে বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগে ৷
লগতে পঢ়ক : ৰাসায়নিক পদ্ধতিৰে নহয় জৈৱিক পদ্ধতিৰে খেতি খাৰুপেটীয়াত