ETV Bharat / state

নিচা-বাল্য বিবাহৰ বিৰুদ্ধে সজাগ হ'বলৈ আহ্বান - মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

মৰিগাঁৱৰ বৰবৰীত ড্ৰাগছ, বাল্য বিবাহ আৰু দুৰ্নীতি নিৰ্মূল সম্পৰ্কীয় সজাগতা সভা সম্পন্ন । সভাত নিচাজাতীয় সামগ্ৰী সেৱনৰ পৰা বিৰত থাকিবলৈ আহ্বান জিলা আয়ুক্তৰ ।

Awareness meeting on eradication of corruption
দুৰ্নীতি নিৰ্মূল সম্পৰ্কীয় সজাগতা সভা
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 8:44 PM IST

মৰিগাঁও, ১ ডিচেম্বৰ: মৰিগাঁও জিলাৰ বৰবৰিত আজি অঞ্চলটোৰ ৰাইজৰ উদ্যোগত বৰবৰি জামে মছজিদ প্ৰাংগণত মদ, ভাং, ড্ৰাগছ, বাল্য বিবাহ আৰু দুৰ্নীতি নিৰ্মূল সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয় । আব্দুল কৰিমৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে যিবোৰ বস্তুৱে মগজুক বিপথে পৰিচালিত কৰি সমাজ কলুষিত কৰে সেইসমূহ বৰ্জন কৰিবলৈ কোৰাণ শ্বৰীফৰ প্ৰতিটো ছূৰা আৰু আয়াতে সদায় পৰামৰ্শ দি আহিছে । কোনো এটা জাতিক নিঃশেষ কৰিবলৈ সেই জাতিটোক এটা নিচাত আসক্ত কৰি দিলেই যথেষ্ট বুলি উল্লেখ কৰি তেওঁ সকলোকে নিচাজাতীয় সামগ্ৰী সেৱনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।

নাৰী শিক্ষাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে কন্যাক সময়তকৈ পূৰ্বে বিয়া দিয়াটো এটা ডাঙৰ অপৰাধ । কাৰণ ইয়াৰ ফলত কেৱল ছোৱালীজনীৰে ক্ষতি নহয়, সমাজখনৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে । তেওঁ প্ৰসংগক্ৰমে তামোল, পাণ, চূণ আৰু ধঁপাতৰ মিশ্ৰণ কৰ্কট ৰোগৰ ভয়াৱহতাৰ অন্যতম কাৰণ বুলি উল্লেখ কৰে ।

তেওঁ কয় যে এখন সুস্থ আৰু সবল সমাজ গঢ় দিবলৈ সমাজৰ জ্যেষ্ঠসকলে কিছুমান সিদ্ধান্ত ল'ব লাগিব । আমাৰ ল'ৰা-ছোৱালীকো একে দৰিদ্ৰতাৰ কৰালগ্ৰাসলৈ যাতে ঠেলি দিবলগীয়া নহয় তাৰ বাবে কন্যাৰ শিক্ষাৰ প্ৰসাৰ আৰু নিচাযুক্ত সামগ্ৰীৰ ব্যৱহাৰ তথা ড্ৰাগছ, বাল্য বিবাহ আদিৰ প্ৰচলন মুক্ত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে ।

দুস্কৃতিকাৰীক প্ৰশ্ৰয় নিদি সমগ্ৰ গাঁওবাসীকেই একতাৰ দোলেৰে সদায় বান্ধ খাই থকাৰ বাবে সমাজখনক সংকল্পবদ্ধ হ'বলৈ তেওঁ আহ্বান জনায় । এই সভাতে তেওঁ এখন শান্তি সমিতি গঠন কৰাৰ পোষকতা কৰে । জিলা আয়ুক্তগৰাকীয়ে নিজে সমিতিখনৰ সৈতে যোগাযোগত থাকিব বুলি উল্লেখ কৰি কোনো লোকে সমাজৰ শান্তিভংগকাৰী কামত লিপ্ত হোৱাৰ অভিযোগ পালে ব্যৱস্থা লোৱা হ'ব বুলি সকীয়াই দিয়ে । তেওঁ কয় যে জীৱনত বহুত টকা ঘটাতকৈ এজন ভাল মানুহ হোৱাটোহে প্ৰয়োজন ।

উক্ত সভাত তিৱা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মোহন সেনাপতি, দক্ষিণ ধৰমতুল গাঁও পঞ্চায়তৰ সভাপতি পলাশ মেধি, শিলচাং সমবায় সমিতিৰ সভাপতি মইনুল হক, বেলতলা আঞ্চলিক শান্তি সমিতিৰ সভাপতি ভাগ্যধৰ তাঁতী, বৰবৰিৰ গাঁওবুঢ়া বীৰেণ পাটৰ আদি উপস্থিত থাকে ।

লগতে পঢ়ক:এবছৰত বিএছএফৰ ১২ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.