মৰিগাঁও, 6 অক্টোবৰ: মৰিগাঁৱত জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ এখন বৈঠক বৃহস্পতিবাৰে সম্পন্ন হৈ যায় ৷ মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত বৃহস্পতিবাৰে আয়োজন কৰা হয় এই বৈঠকৰ । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত জিলাখনত শিশু সুৰক্ষা সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰা হয় ।
জিলা শিশু সুৰক্ষা গোটৰ বিষয়া নমিতা দেৱীয়ে জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ কাম-কাজসমূহ তথ্য সহকাৰে আৰু বিতংভাৱে প্ৰকাশ কৰে । বৈঠকত জিলা আয়ুক্তগৰাকীয়ে শিশু সুৰক্ষাৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত অতি সংবেদনশীলভাৱে আগবঢ়াৰ বাবে পৰামৰ্শ আগবঢ়ায় । সংশ্লিষ্ট প্ৰতিটো বিভাগে শিশু সুৰক্ষা সুনিশ্চিত কৰাৰ দিশত ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰে শৰ্মাই ।

বৈঠকত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে কয় যে অপৰাধজনিত ঘটনাৰ সৈতে অভিযুক্ত শিশুক সাময়িকভাৱে ৰখাৰ বাবে মৰিগাঁও জিলাত এটা সুৰক্ষিত গৃহ তথা পৰ্যবেক্ষণ গৃহৰ প্ৰয়োজন আছে । তেওঁ কয় যে ড্ৰাগছৰ প্ৰতি আসক্ত শিশুৰ মাজত এনে বহু শিশু আছে যিসকলক ড্ৰাগছ ব্যৱসায়তো ব্যৱহাৰ কৰা হয় । ড্ৰাগছ আসক্ত শিশুৰ বাবে এটা নিচামুক্তি কেন্দ্ৰৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে ।
সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মীনা কুমাৰীয়ে অপৰাধজনিত ঘটনাত জড়িত শিশুৰ বিচাৰ প্ৰক্ৰিয়া যাতে ভাষা বোধগম্য নোহোৱাৰ বাবে বাধাগ্ৰস্ত নহয় সেয়া সুনিশ্চিত কৰাৰ বাবে জিলা শিশু সুৰক্ষা গোটক অনুবাদক বা দোভাষীৰ তালিকা মজুত ৰাখিবলৈ আহ্বান জনায় । বৈঠকত জিলা শিশু সুৰক্ষা বিষয়া মৃদুস্মিতা বৰুৱাই যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ ক্ষেত্ৰত আৰক্ষী থানাসমূহৰ ভূমিকা সন্দৰ্ভত বক্তব্য ৰাখে ।
সভাত জিলা উন্নয়ন আয়ুক্ত দেৱযানি চৌধুৰী, অতিৰিক্ত জিলা আয়ুক্ত দ্যুতিভা বৰা আৰু কেইবাটাও বিভাগৰ মুৰব্বী তথা সমিতিৰ সদস্যসকল উপস্থিত আছিল ।