ETV Bharat / state

ভোট গণনাৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন

author img

By

Published : May 1, 2021, 6:18 PM IST

দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ভোট গণনাৰ বাবে সম্পূৰ্ণ সাজু হৈছে মৰিগাঁও জিলা প্ৰশাসন । শনিবাৰে অসম আৰক্ষীৰ কেন্দ্ৰীয় পশ্চিম সংমণ্ডলৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ব্ৰজেনজিৎ সিনহাই মৰিগাঁও মহাবিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰৰ নিৰাপত্তাৰ দিশৰ বুজ লয় ৷

digp-banjit-singha-visited-morigaon
ভোটগণনাৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন

মৰিগাঁও,1 মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ভোট গণনাৰ বাবে সম্পূৰ্ণ সাজু হৈছে মৰিগাঁও জিলা প্ৰশাসন । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কাইলৈ ক্ৰমে জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব ।

শনিবাৰে অসম আৰক্ষীৰ কেন্দ্ৰীয় পশ্চিম সংমণ্ডলৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ব্ৰজেনজিৎ সিনহাই মৰিগাঁও মহাবিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰৰ নিৰাপত্তাৰ দিশৰ বুজ লৈ কয় যে, মৰিগাঁও আৰক্ষীয়ে প্ৰয়োজনীয় নিৰাপত্তাৰ দিশত সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তদুপৰি মৰিগাঁৱৰ সকলো ৰাইজ তথা প্ৰাৰ্থীসকলক ক’ভিড প্ৰট’কল মানিবলৈও আহ্বান জনায় শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে ।

ভোট গণনাৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন

ইফালে মৰিগাঁও জিলাৰ অধীক্ষক ড৹ নন্দ সিং বৰকলাৰ সৈতে মৰিগাঁও সংৰক্ষিত আৰক্ষী ছাউনীত এক বৈঠকত মিলিত হৈ সকলোকে প্ৰশাসনক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক: কৰ'ণাত প্ৰাণ গ'ল প্ৰতিভাৱান গায়িকা পাৰবিন পৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.