মৰিগাঁও, 14 জুলাই : মৰিগাঁৱৰ বৰমানিপুৰত মুকলি হ'ল এখন ক'ভিড হাস্পতাল ৷ বৰমানিপুৰৰ 16 নং বেটেলিয়ান বাহিনীৰ উদ্যোগত দহজনীয়া অত্যাধুনিক ক'ভিড হাস্পতালখন উদ্বোধন কৰা হয় ৷ হাস্পতালখনৰ দুৱাৰ মুকলি কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাষ্কৰ জ্যোতি মহন্তই ।
মহামাৰী কৰ'ণা চিকিৎসাৰ সকলো ব্যৱস্থা উপলব্ধ নৱনিৰ্মিত হাস্পতালখন উদ্বোধন কৰি শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে মন্তব্য কৰে যে,মৰিগাঁৱৰ বৰমানিপুৰস্থিত এইখন ক'ভিড হাস্পতালত সকলো ধৰণৰ সুবিধা উপলব্ধ হ'ব । ইয়াত কাৰ্যতঃ আৰক্ষীৰ জ্যেষ্ঠ ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হ'ব ৷ ৰাজ্যৰ আৰক্ষী বিভাগৰ 580 জনতকৈ অধিক আৰক্ষীৰ দেহত কৰ'ণাৰ সংক্ৰমণ হৈছে ৷ ইয়াৰে বহুসংখ্যক আৰক্ষী ইতিমধ্যে সুস্থ হৈ উঠিছে । একেদৰে মৰিগাঁৱৰ নেলী আৰক্ষী চকীৰ আক্ৰান্ত 16 জন আৰক্ষীয়েও চিকিৎসা লাভ কৰা বুলি তেওঁ মন্তব্য কৰে ।

মন কৰিবলগীয়া যে, ৰাজ্যৰ ভিতৰতে ক'ভিড সংক্ৰমণৰ ক্ষেত্ৰত নিয়ন্ত্ৰিত হৈ আছে মৰিগাঁও জিলাৰ পৰিস্থিতি । সেয়ে ভাস্কৰ জ্যোতি মহন্তই মৰিগাঁও জিলা প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ ইয়াৰ পূৰ্বে সঞ্চালক প্ৰধানগৰাকীয়ে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, জিলা উপায়ুক্ত ঋতু ৰাজবৰা, জিলা আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা, নগাঁও জিলা আৰক্ষী অধীক্ষক প্ৰমুখ্যে অনুষ্ঠান বাহিনীটোৰ অভিবাদন গ্ৰহণ কৰি সকলো জোৱানক ধন্যবাদ জনায় । বৰমানিপুৰস্থিত 16 নং বেটেলিয়ানৰ অধিনায়ক অৰ্ণব ডেকাৰ উদ্যোগত আটকধুনীয়া ক'ভিড হাস্পতালখন গঢ়ি উঠা বাবে ধন্যবাদ জ্ঞাপন কৰে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ৷

লগতে পঢ়ক : মুকলি আকাশৰ তলত মানস কোঁৱৰ