ETV Bharat / state

মৰিগাঁৱত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ বিদ্যালয় পৰিদৰ্শন - পহিলা জানুৱাৰী

নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ দিনটোতে মৰিগাঁৱৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰিলে জিলা প্ৰাথমিক শিক্ষা বিষয়া ড০ কমল জ্যোতি গগৈয়ে । কেইবাখনো বিদ্যালয়ত পাঠদানো কৰে শিক্ষা বিষয়াগৰাকীয়ে । সামাজিক দূৰত্ব বৰ্তাই ৰাখি, মাস্ক পৰিধান কৰি পাঠ গ্ৰহণ কৰিবলৈও ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দিয়ে ।

মৰিগাঁৱত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ বিদ্যালয় পৰিদৰ্শন

author img

By

Published : Jan 1, 2021, 7:45 PM IST

মৰিগাঁও, ১ জানুৱাৰী: শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি, পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ ১৩৮০ খন বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে । প্ৰথম দিনটোতে মৰিগাঁৱৰ বিদ্যালয়ে বিদ্যালয়ে গৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে জিলা প্ৰাথমিক শিক্ষা বিষয়া ড০ কমল জ্যোতি গগৈয়ে । ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনামৰ্মে বিদ্যালয়সমূহত পাঠদান কৰিবলৈ আৰু ক'ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনায় জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে ।

আজি বিষয়াগৰাকীয়ে প্ৰথমে মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ অষ্টম শ্ৰেণীত 'ভক্ত প্ৰহ্লাদ' শীৰ্ষক অধ্যায়টো পঢ়ায় । ইয়াৰ পাছতে কনকলতা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে অধ্যয়নৰ কৌশলৰ বিষয়ে বক্তব্য আগবঢ়ায় । আনহাতে, মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ত বছৰৰ প্ৰথম দিনটোত আনুষ্ঠানিকভাৱে পাঠদান কৰা হয় যদিও বহু বিদ্যালয়ত উপস্থিত নাছিল শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী । নৱবৰ্ষৰ প্ৰথম দিন বাবে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে বুলি মন্তব্য কৰিছে শিক্ষা বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক:ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.