ETV Bharat / state

Hailstorm in Bhuragaon: ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন মৰিগাঁও উপায়ুক্তৰ - ailstorm in Bhuragaon

মৰিগাঁও জিলাত মূহুৰ্ততে অহা শিলাবৃষ্টি আৰু ধুমুহাত ক্ষতিগ্ৰস্ত হ'ল সহস্ৰাধিক পৰিয়াল (Storm in Marigaon) ৷ শিলাবৃষ্টিত ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত লেংৰীবড়ী অঞ্চলত ধুমুহাত ঘৰৰ টিনপাতৰ ক্ষতিসাধন । ইয়াৰ পিচতেই উপায়ুক্তৰ ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন ।

Heavy rain and hailstorm in Marigaon
মৰিগাঁও জিলাত ধুমুহা -শিলাবৃষ্টি
author img

By

Published : Apr 24, 2023, 12:38 PM IST

ধিং, ২৪ এপ্রিল: মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত শনিবাৰে নিশা অহা ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত জিলাখনৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত লেংৰীবড়ী অঞ্চলত যথেষ্ট ক্ষতি সাধন হয় (Heavy rain and hailstorm in Marigaon)। জিলাখনৰ ঠায়ে ঠায়ে ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ সমান্তৰালকৈ ব্যস্ত পথত উভালি পৰে প্ৰকাণ্ড গছ আদি ৷ পথত গছ বাগৰি পৰাত ৰাইজে সমস্য়াৰ সন্মুখীন হ’বলগীয়া হয় (Storm devastated several areas at Bhuragaon) ৷ ধুমুহাই বহুতো পৰিয়ালৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতিসাধন কৰে । তদুপৰি অধিকাংশ লোকৰ ঘৰৰ টিন পাতবোৰ চিন্ন ভিন্ন কৰে শিলাবৃষ্টিয়ে ৷ ধুমুহা-বৰষুণত আলাই-আথানি হৈছে বহু পৰিয়ালৰ ৷

ইয়াপ পিচতেই জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে (DC of Marigaon visited storm affected area)। জনসাধাৰণক আতংকিত নহ'বলৈ আৰু পুনৰুদ্ধাৰৰ অভিযানত প্ৰশাসনে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি উপায়ুক্ত দেৱাশীষ শৰ্মাই আশ্বাস দিয়ে (Hailstorm in Bhuragaon)। লগতে ঘৰ-বাৰী নষ্ট হোৱা আৰু ঘৰৰ টিনপাত উৰুৱাই নিয়া পৰিয়ালৰ লোকক তিৰ্পাল বিতৰণ কৰে উপায়ুক্তগৰাকীয়ে ।

উল্লেখ্য় যে নিশা অহা বিধ্বংসী ধুমুহা তথা শিলাবৃষ্টিত ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বহু গাঁৱত ব্যাপক হাৰত ক্ষতিসাধন হয় ৷ কাৰোবাৰ যদি ঘৰৰ টিনপাত উৰুৱাই নিয়ে কাৰোবাৰ আকৌ ঘৰত, বাহনত গছ পৰি ধ্বংস হয় । মৰিগাঁও জিলা প্ৰশাসনে ধুমুহাত ক্ষতিগ্ৰস্ত এলেকাসমূহৰ বাট-পথ মুকলি কৰাৰ লগতে বিজুলী সংযোগৰ পুনৰুদ্ধাৰ বাবে খৰতকীয়াকৈ অভিযান আৰম্ভ কৰিছে । দেওবাৰে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বনিয়াক লগত লৈ বিভিন্ন এলেকাত পৰিদৰ্শন কৰে আৰু ধুমুহা তথা শিলাবৃষ্টিত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয় । তেওঁ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে । ইতিমধ্যে,মৰিগাঁও জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত তিৰ্পাল বিতৰণ কৰিছে ।

লগতে পঢ়ক:Heavy Storm in Rangia: ৰঙিয়াত বৰদৈচিলাৰ তাণ্ডৱ; সহস্ৰাধিক পৰিয়াল ক্ষতিগ্ৰস্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.