ETV Bharat / state

মৰিগাঁও আৰু ডিফুত অব্যাহত CAA বিৰোধী প্ৰতিবাদ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো সোমবাৰে বাওপন্থী দল চি পি আইৰ উদ্যোগত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ চিপি আইৰ মৰিগাঁও জিলা পৰিষদৰ সম্পাদক ডম্বৰুধৰ দাসে এই গণ ধৰ্ণা কাৰ্যসূচীৰ আঁতধৰে ৷ ইপিনে ডিফুত ছাত্ৰ সমাজ আৰু সংগ্ৰামী ৰাইজে CAA বাতিলৰ দাবীত সোমবাৰে অৱস্থান ধৰ্ণা আৰু বাটৰ নাট প্ৰদৰ্শন কৰে ৷

author img

By

Published : Dec 23, 2019, 9:25 PM IST

morigaon
মৰিগাঁৱত চিপিআইৰ CAA বিৰোধী আন্দোলন

মৰিগাঁও, 23 ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো অব্যাহত আছে CAA বিৰোধী আন্দোলন । সোমবাৰে মৰিগাঁও জিলা পবিতৰা হাট প্ৰেক্ষাগৃহৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এক প্ৰতিবাদী কাৰ্যসূচীত চিপি আই আৰু ইয়াৰ ভাতৃ সংগঠনৰ প্ৰতিবাদকাৰীয়ে শীঘ্ৰে CAA প্ৰত্যাহাৰৰ বাবে দাবী জনাই ।

মৰিগাঁৱত চিপিআইৰ CAA বিৰোধী আন্দোলন

সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো বাওপন্থী দল চি পি আইৰ উদ্যোগত আৰু একাধিক ভাতৃ সংগঠনৰ সহযোগত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ মৰিগাঁও জিলা পবিতৰা হাট প্ৰেক্ষাগৃহৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত বাওপন্থী নেতা-কৰ্মী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লগান আৰু বেনাৰ লৈ উদাত্ত কণ্ঠৰে ভাষণ আগবঢ়ায় ৷ চিপি আইৰ মৰিগাঁও জিলা পৰিষদৰ সম্পাদক ডম্বৰুধৰ দাসে আঁতধৰা এই গণ ধৰ্ণা কাৰ্যসূচীত প্ৰাক্তন বিধায়ক তথা চিপি আইৰ কেন্দ্ৰীয় নেতা মুনিন মহন্তই বক্তব্য আগবঢ়াই ৷

ডিফুত ছাত্ৰ সমাজ আৰু সংগ্ৰামী ৰাইজৰ বাটৰ নাট প্ৰদৰ্শন

ইপিনে পাহাৰীয়া জিলা কাৰ্বিআংলঙৰ সদৰ চহৰ ডিফুত ছাত্ৰ সমাজ আৰু সংগ্ৰামী ৰাইজে CAA বাতিলৰ দাবীত সোমবাৰে অৱস্থান ধৰ্ণা আৰু বাটৰ নাট প্ৰদৰ্শন কৰে ৷ পোন প্ৰথমে প্ৰতিবাদকাৰী সকলে ডিফু ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কত জেষ্ঠ নাগৰিকৰ সৈতে অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পৰৱৰ্তী সময়ত তেওঁলোকে সংশোধিত আইন খনৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকলক দেশ প্ৰেমেৰে উদ্বুদ্ধ কৰিবলৈ ডিফু চহৰৰ বাৰোৱাৰী দুৰ্গা মন্দিৰ আৰু হনুমান মন্দিৰৰ ওচৰত ' লবিতা আৰু লাচিত ' শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন কৰি জনজাগৰণৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক - গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতিবাদ

Intro:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো অব্যাহত আছে কা বিৰোধী আন্দোলন । সোমাবাৰে মৰিগাঁও জিলা পবিতৰা হাট প্ৰেক্ষাগৃহৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই কাৰ্যসূচী ৰূপায়ণ কৰি অনতিপলমে কা প্ৰত্যাহাৰৰ বাবে দাবী জনাই চিপি আইৰ আৰু ইয়াৰ ভাতৃ সংগঠনৰ প্ৰতিবাদকাৰীয়ে ।Body: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো চি পি আইৰ দলৰ উদ্যোগত আৰু একাধিক ভাতৃ সংগঠন সহযোগত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে অবস্থান ধৰ্মঘট। হয়
সোমাবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো বাওপন্থী দল চিপি আইৰ উদ্যোগত মৰিগাঁও জিলা পবিতৰা হাট প্ৰেক্ষাগৃহৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ কৰাৰ দাবীত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। বেনাৰ পোষ্টাৰ ফেষ্টুন আদি লৈ বিভিন্ন শ্লগান দি পৰিবেশ উত্তাল কৰি কেইবাগৰাকী বাওপন্থী নেতা কৰ্মীয়ে উদাত্ত কণ্ঠৰে ভাষণ আগবঢ়ায় । চিপি আইৰ মৰিগাঁও জিলা পৰিষদৰ সম্পাদক ডম্বৰুধৰ দাসে আঁতধৰা এই গণ ধৰ্ণা কাৰ্যসূচীত প্ৰাক্তন বিধায়ক তথা চিপি আইৰ কেন্দ্ৰীয় নেতা মুনিন মহন্তই দীঘলীয়া বক্তব্য আগবঢ়াই কি'ৰ নামৰ আইন খনৰ নেতিবাচক দিশ সমূহ বিশ্লেষণ কৰি চৰকাৰৰ মন্ত্ৰী বিধায়কক কটু ভাষাৰে সমালোচনা কৰি ৰাজ্যৰ সকলো জনতাকে এই "কা" বিৰোধী আন্দোলনত সহযোগিতা আগবঢ়াবলৈ আহবান জনাই জাতীয় সংগীতৰে কাৰ্যসূচী সামৰণি কৰি অনতি বিলম্বে কা প্ৰত্যাহাৰ দাবী জনাই ।
shot: ex .mla.munin mahantaConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.