ETV Bharat / state

মৰিগাঁৱত বানাক্ৰান্তলৈ সাহাৰ্য বিতৰণত সহযোগিতা ক'ভিড যুদ্ধাৰ - বানাক্ৰান্তক অত্যাৱশ্যকীয় খাদ্য সম্ভাৰ প্ৰদান

ৰাজ্যত অব্যাহত থকা ক'ভিড যুদ্ধৰ সেনানী ডাঃ কুমাৰ পিংকু প্ৰতীমৰ প্ৰশংসনীয় পদক্ষেপ। ক'ভিড যুদ্ধৰ এজন যোদ্ধা হৈও এদল শিক্ষিত যুৱক যুৱতীৰ জৰিয়তে মৰিগাঁৱৰ বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াইছে তেওঁ ৷

ক'ভিড যুদ্ধৰ সেনানী ডাঃ কুমাৰ পিংকু প্ৰতীম
মৰিগাঁৱত বানাক্ৰান্তলৈ সাহাৰ্য বিতৰণত সহযোগিতা ক'ভিড যুদ্ধাৰ
author img

By

Published : Jul 24, 2020, 6:05 PM IST

মৰিগাঁও, 24 জুলাই : ক'ভিড যুদ্ধৰ সন্মুখ সেনানী এজন যোদ্ধাই এদল শিক্ষিত যুৱক-যুৱতীৰ সহায়ত বানাক্ৰান্তলৈ আগবঢ়াইছে সাহাৰ্য। মৰিগাঁৱৰ এইসকল শিক্ষিত যুৱক-যুৱতীক সহযোগিতা আগবঢ়োৱা ব্যক্তিজন হৈছে মৰিগাঁৱৰ সন্তান তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ফৰেনচিক মেডিচিন বিভাগৰ প্ৰদৰ্শক প্ৰবক্তা ডাঃ কুমাৰ পিংকু প্ৰতীম । মৰিগাঁও সাংস্কৃতিক উন্নয়ন মঞ্চ তথা মা নীলেশ্বৰী ষ্টুডিঅ' আৰু পৰিচয় নামৰ সংস্থাটোৰ মানৱ দৰদী যুৱক-যুৱতীৰ সহায়ত এই সাহাৰ্য আগবঢ়াই কুমাৰ পিংকু প্ৰতীমে ৷

মৰিগাঁৱত বানাক্ৰান্তলৈ সাহাৰ্য বিতৰণত সহযোগিতা ক'ভিড যুদ্ধাৰ

যুৱক-যুৱতীৰ দলটোৱে শুকুৰবাৰে ক্ৰমে মৰিগাঁৱৰ চহৰৰ সমীপৱৰ্তী শিঙিমাৰী বিলমূৰ,খন্দাজান দলং,মৰিগাঁও পৌৰসভা এলেকাৰ নভেটি 9, 10 নং ৱাৰ্ড আৰু সিধাবাৰী গাঁৱকে ধৰি কেইবাখনো গাঁৱৰ পাঁচ শতাধিক বানাক্ৰান্তক সাহাৰ্য বিতৰণ কৰে ৷ প্ৰদান কৰা অত্যাৱশ্যকীয় খাদ্য সম্ভাৰৰ ভিতৰত আছিল চাউল,চেনি, আলু,দাইল,মিঠাতেল,চাবোন আদি ৷

লগতে পঢ়ক : কদৰ্যময় পৰিৱেশতে দিন পাৰ কৰিছে বৰপেটাৰ একাংশ বন্যাৰ্তই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.