মৰিগাঁও, 31 মে' : সোমবাৰে মৰিগাঁৱৰ বঘৰাত আদৰ্শ ক'ভিড ভেকচিন চেন্টাৰ মুকলি কৰে জিলা উপায়ুক্ত সীমাৰেখা ভূঞাই । বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত বঘৰা মজলীয়া বিদ্যালয়ত অনুষ্ঠানিকভাৱে দুৱাৰ মুকলি কৰি সকলোকে ক'ভিড ভেকচিন ল'বলৈ আহ্বান জনায় ।
![বঘৰাত ক'ভিড ভেকচিন চেন্টাৰ মুকলি কৰিলে উপায়ুক্ত সীমাৰেখা ভূঞাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-02-31may-covid-asc10013_31052021125853_3105f_1622446133_197.jpg)
অনুষ্ঠানত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত গৰ্গৰাম দাস, বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ অমৰজ্যোতি ডেকা আদি উপস্থিত থাকে ৷
![বঘৰাত ক'ভিড ভেকচিন চেন্টাৰ মুকলি কৰিলে উপায়ুক্ত সীমাৰেখা ভূঞাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-02-31may-covid-asc10013_31052021125853_3105f_1622446133_1001.jpg)
ইফালে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষীতেশ চন্দ্ৰ পেগুৱে জাগীৰোড গাঁও পঞ্চায়তত কভিড-১৯ যুদ্ধ কক্ষ মুকলি কৰাৰ লগতে এখনি সজাগতা সভা অনুস্থিত কৰে । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত পঞ্চায়তটোৰ সভাপতিকে ধৰি ৱাৰ্ড সদস্য আৰু স্থানীয় লোক উপস্থিত থাকে ৷
লগতে পঢ়ক : জনাঞ্চললৈ ওলাই আহিল এজাক বন্যহস্তী, তাৰ পাছত...