ETV Bharat / state

Press Meet of All Tiwa Students Union : তিৱা ছাত্ৰ সন্থাৰ মধ্য অসম বন্ধ ঘোষণা

author img

By

Published : Aug 18, 2023, 4:15 PM IST

Updated : Aug 18, 2023, 4:56 PM IST

১৯ আগষ্টত আহ্বান জনোৱা ১২ঘন্টীয়া মধ্য অসম বন্ধৰ সন্দৰ্ভত চাৰি তিৱা সংগঠনৰ বিস্ফোৰক অভিযোগ । সংবাদমেল সম্বোধন কৰি সদৌ তিৱা ছাত্ৰ সন্থা,সদৌ তিৱা সুৰক্ষা সমিতি,সদৌ তিৱা মহিলা সন্থা, তিৱা সাংস্কৃতিক সমাজৰ ক্ষোভ প্ৰকাশ ।

All Tiwa Students Union
সদৌ তিৱা ছাত্ৰ সন্থা
সদৌ তিৱা ছাত্ৰ সন্থা

মৰিগাঁও, ১৮ আগষ্ট: মৰিগাঁও বিধানসভা সমষ্টি সংৰক্ষণমুক্ত কৰাৰ প্ৰতিক্ৰিয়া অব্য়াহত । মৰিগাঁও বিধানসভা সমষ্টি সংৰক্ষণমুক্ত কৰাৰ বিৰোধিতাৰে ১৯ আগষ্টত মধ্য অসম বন্ধ ঘোষণাক লৈ সদৌ তিৱা ছাত্ৰ সন্থাৰ দুয়ো গোটৰ মতবিৰোধ । এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ তিৱা ছাত্ৰ সন্থাই । শুক্ৰবাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মাছৰঙে ।

লগতে পঢ়ক:Kashmiri separatist leader Yasin Malik : য়াছিন মালিকৰ পত্নীক পাক প্ৰধানমন্ত্ৰীৰ তত্ত্বাৱধায়কৰ বিশেষ উপদেষ্টা নিযুক্তি

সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মাছৰঙে উল্লেখ কৰে যে ভাৰতীয় নিৰ্বাচনী আয়োগে মৰিগাঁও বিধানসভা সমষ্টিটোক সংৰক্ষণ মুক্ত কৰাৰ বিৰোধিতাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত বিগত ২২ জুলাইত অনুষ্ঠিত বহুকেইটা তিৱা জাতীয় সংগঠন, তিৱা সাহিত্যিক, বুদ্ধিজীবী, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য,কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য আৰু একমাত্ৰ জনজাতীয় বিধায়কৰ উপস্থিতিত অনুষ্ঠিত হয় সাধাৰণ সভা ।

উক্ত সভাতে সকলো তিৱা জাতীয় সংগঠনৰ উমৈহতীয়া সিদ্ধান্ত মৰ্মে মৰিগাঁও বিধানসভা সমষ্টিটোক জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবীত এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল । পিছে ইয়াৰ পিচতে দুই এজন সাংগো-পাংগোক লৈ গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি অসম বন্ধ ঘোষণা কৰাত উক্ত বন্ধক উমৈহতীয়া সভাৰ পৰিপন্থী আখ্যা দিয়ে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মাছৰঙে ।

লগতে পঢ়ক:ULFA Peace Accord: শুকুৰবাৰে নতুন দিল্লীত আলফা-কেন্দ্ৰ চৰকাৰৰ বৈঠক; শান্তি চুক্তিৰ ওপৰত হ’ব আলোচনা

এই কাৰ্যক ভাৰ পৰিপন্থী আখ্যা দিছে সদৌ তিৱা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰশান্ত মছৰং,তিৱা সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক চিজয় দেউৰী, সদৌ তিৱা মহিলা সন্থাৰ সাধাৰণ সম্পাদিকা জয়শ্ৰী দেউৰী, তিৱা সাংস্কৃতিক সমাজৰ সাধাৰণ সম্পাদক বকিন্দ্ৰ মছৰঙকে প্ৰমুখ্যে কৰি কেইবাগৰাকী তিৱা নেতাই ।

লগতে পঢ়ক :Private medical negligence: সুস্থ ৰোগীক দুবাৰকৈ অস্ত্ৰপ্ৰচাৰ কৰাৰ অভিযোগ ডিব্ৰুগড়ৰ মেডিকেয়াৰ নাৰ্ছিংহোমৰ বিৰুদ্ধে

Last Updated : Aug 18, 2023, 4:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.