ETV Bharat / state

Morigaon Health News: ‘মিছন ইন্দ্ৰধনুষ’ 5 সন্দৰ্ভত মৰিগাঁৱত টাস্ক ফ’ৰ্চৰ বৈঠক

author img

By

Published : Aug 3, 2023, 8:18 AM IST

বুধবাৰে মৰিগাঁও জিলা আয়ুক্তৰ সভা কক্ষত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ জিলা টাস্ক ফ’ৰ্চৰ বৈঠক ৷ জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত দ্যুতিভা বৰাৰ পৌৰহিত্যত টাস্ক ফ’ৰ্চৰ দ্বিতীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । ৭ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া আই এম আই ৫.০ৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে আলোচনা কৰে বৈঠকত ৷

Morigaon Health News
‘মিছন ইন্দ্ৰধনুষ 5.0 সন্দৰ্ভত মৰিগাঁৱত টাস্ক ফ’ৰ্চৰ বৈঠক
Morigaon Health News
মিছন ইন্দ্ৰধনুষ 5.0 সন্দৰ্ভত মৰিগাঁৱত টাস্ক ফ’ৰ্চৰ বৈঠক

মৰিগাঁও,03 আগষ্ট: বুধবাৰে মৰিগাঁও জিলা আয়ুক্ত সভা কক্ষত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ জিলা টাস্ক ফ’ৰ্চৰ বৈঠক ৷ মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত দ্যুতিভা বৰাৰ পৌৰহিত্যত টাস্ক ফ’ৰ্চৰ দ্বিতীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । বহুকেইটা বিষয়ৰ ওপৰত বৈঠকত পৰ্যালোচনা কৰা হয় ৷

মৰিগাঁৱত ৭ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া আই এম আই ৫.০ (Mission Indradhanush) ৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে আলোচনা কৰে । এই সন্দৰ্ভত জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত দ্যুতিভা বৰাই কয়, জিলাখনৰ কিছুমান খণ্ডত অধিক হিতাধিকাৰী থাকিব পাৰে । আনহাতে, জিলাখনৰ ব’হা বৰজাৰী এম পি এইচ চি, উলুবাৰী আৰ পি এইচ চি, মৈৰাবাৰী চি এইচ চি, নগাবন্ধা পি এইচ চি, কুশতলী পি এইচ চি, ছিয়ালমাৰী এছ ডি আৰু বঘৰা এছ ডিৰ অধীনৰ থকা লোকৰ ঘৰে ঘৰে জৰীপ সঠিকভাৱে কৰা হোৱা নাই ৷ এম অ’ আৰু এ বি পি এম সমূহতো সঠিক জৰীপ কৰা হোৱা নাছিল বুলি প্ৰকাশ কৰিছে ASHA আৰু এডব্লিউডব্লিউৱে ৷

যি সকল শিশুৰ পূৰ্বৰ জৰীপ বাদ পৰি ৰ’ল সেই শিশু সকলৰ সকলো তথ্য সংগ্ৰহ কৰি শীঘ্ৰে শুদ্ধকৈ সংশোধনৰ লক্ষ্য ৰাখক ৷ ইফালে স্বাস্থ্য বিভাগৰ এডিচি বৰাই খণ্ডভিত্তিক সবিশেষ পৰ্যালোচনা কৰি আইএমআইৰ নিৰ্দেশনা অনুসৰি তেওঁলোকৰ কাম কিয় কৰা নহয় বুলি প্ৰশ্ন কৰে ৷

ডি এইচ এছে এই সকলো খণ্ডকে বাকী থকা অঞ্চলসমূহ পুনৰ জৰীপ কৰি কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰৰ ভিতৰত এম অ’ আৰু এ বি পি এমৰ দ্বাৰা বৈধতা প্ৰদান কৰিব লাগিব আৰু বিয়লি ৩:০০ বজাৰ ভিতৰত সংশোধনী কৰি ডি আই অ’ক দাখিল কৰিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক:Drug Dealing:মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.