ETV Bharat / state

সমূহীয়া মৎস্য চিকাৰত ব্যস্ত মৰিগাঁওবাসী

author img

By

Published : Sep 17, 2020, 4:48 PM IST

Updated : Sep 17, 2020, 5:06 PM IST

বৃহস্পতিবাৰে পুৱাতেই হাতত জাকৈ, খালৈ, প’ল আদি লৈ সমূহীয়া মৎস্য চিকাৰত নামিল মৰিগাঁৱৰ সমীপৱৰ্তী মৰা কলং, টেঙাগুৰিবাসী ৰাইজ ৷ প্ৰতি বছৰৰ লেখীয়াকৈ চলিত বৰ্ষতো বান শুকোৱাৰ পিছত মৰা কলঙত মৎস্য চিকাৰ কৰি পৰম্পৰা ৰক্ষা কৰে অঞ্চলবাসীয়ে ৷

Community fishing morigaon assam etv bharat news
সমূহীয়া মৎস্য চিকাৰ

মৰিগাঁও,17 ছেপ্তেম্বৰ: কথাতে কয় "মাছৰ গোন্ধে খাবা মিতিৰৰ গোন্ধে যাবা" অৰ্থাৎ মাছে গৰকা আঞ্জাখনৰ সোৱাদেই সুকীয়া । তাতে আৰু থলুৱা মাছৰ কথাই বেলেগ ৷ এই আনন্দ লাভৰ উদ্দেশ্যেই মৰিগাঁৱৰ সমীপৱৰ্তী মৰা কলং, টেঙাগুৰি আদিৰ ৰাইজে বৃহস্পতিবাৰে কাহিলিপুৱাতে ওলাই আহে মাছ ধৰিবলৈ ৷ অতীতৰে পৰা অঞ্চলটোত এনেদৰে চলি আহিছে সমূহীয়া মৎস্য চিকাৰ পৰ্বৰ এক পৰম্পৰা ।

সমূহীয়া মৎস্য চিকাৰ

উল্লেখ্য যে,জিলাখন বানে ধুই ক্ষতিগ্ৰস্ত কৰাৰ পিছতো অঞ্চলবাসী পিছ পৰি ৰোৱা নাই পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত ৷ কোনে কি মাছ পাইছে সেয়া ডাঙৰ বিষয় নহয়, বৰঞ্চ মাছ ধৰাৰ নামত আনন্দ-স্ফুৰ্তি কৰাটোতহে অধিক গুৰুত্ব প্ৰদান কৰিছে ৰাইজে ৷ সেয়ে বৃহস্পতিবাৰৰ দিনটোত মৰিগাঁৱৰ উক্ত অঞ্চলৰ লোকসকল এইদৰে ওলাই আহি মৎস চিকাৰ কৰা দেখা যায় ৷

ৰাইজৰ পৰম্পৰা ৰক্ষা

লগতে চাওকঃ ই এম আইৰ জড়িয়তে মবাইল ক্ৰয় কৰি বিপদত গ্ৰাহক

Last Updated : Sep 17, 2020, 5:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.