ETV Bharat / state

দিনে-নিশাই এটাই শংকা ! অৱশেষত এবুকু পানীৰ মাজত শ্ৰম দান ৰাইজৰ - খহনীয়াৰ প্ৰতিৰোধ চেষ্টা লাহৰীঘাটবাসীৰ

নিজৰ ভেটি-মাটি ৰক্ষাৰ বাবে অৱশেষত নিজেই ওলাই আহিল লাহৰীঘাটবাসী ৷ ব্ৰহ্মপুত্ৰৰ বুকুত নদীৰ সূঁতি সলাবলৈ শ্ৰম ধন দান ৰাইজৰ ৷

দিনে-নিশাই এটাই শংকা ! অৱশেষত এবুকু পানীৰ মাজত শ্ৰম দান ৰাইজৰ
দিনে-নিশাই এটাই শংকা ! অৱশেষত এবুকু পানীৰ মাজত শ্ৰম দান ৰাইজৰ
author img

By

Published : Jan 30, 2020, 2:01 PM IST

মৰিগাঁও, 30 জানুৱাৰীঃ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হাতে-কামে লাগিল লাহৰীঘাটবাসী । চৰকাৰৰ ওপৰত ভৰসা এৰি স্বয়ং গাওঁবাসী ওলাই আহিল খহনীয়াৰ প্ৰতিৰোধৰ বাবে ৷ লাহৰীঘাটত দীৰ্ঘদিন পৰা অব্যাহত থকা তীব্ৰ খহনীয়াৰ ফলত দিশহাৰা হৈ পৰিছে নৈ পৰীয়া লোক সকল । যাৰ বাবে উপায়ান্তৰ হৈ চৰকাৰৰ সাহায্য অবিহনেই নিজ ভেটি-মাটি ৰক্ষা বাবে বাঁহৰ বান্ধ দি খহনীয়াৰ প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে অঞ্চলটোৰ নৈ পৰীয়া ৰাইজে ৷

ব্ৰহ্মপুত্ৰৰ এবুকু পানীৰ মাজত শ্ৰম দান ৰাইজৰ

বিগত বহু বছৰ ধৰি গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰৰ ওচৰত বাৰম্বাৰ দাবী জনাই আহিছে যদিও চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ তিনিচুকীয়া, বগলীপৰা, পলাসগুৰি, লাহৰীঘাট, টেঙাগুৰি, ভূৰাগাঁৱৰ ৰাইজে স্বয়ং আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে নিজৰ শ্ৰম দানেৰে বাঁহৰ বান্ধ দি খহনীয়াৰ প্ৰতিৰোধৰ বাবে চেষ্টা চলায় ৷ অঞ্চলটোৰ সৰ্বস্তৰৰ লোক সকলকো ওলাই আহি খহনীয়াৰ প্ৰতিৰোধৰ কামত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে উদ্যোগতা সকলে ।

Intro:লাহৰীঘাটত ব্ক্ষ্ৰপুএত ৰাইজে নদীৰ সূতি সলাবলৈ শ্ৰম ধন দান কৰিছেBody:নিজৰ ভেটি-মাটি ৰক্ষাৰ বাবে ওলাই আহিল লাহৰীঘাটবাসী

: ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হাতে-কামে লাগিল লাহৰীঘাটবাসী ৰাইজ।চৰকাৰৰ ওপৰত ভৰসা এৰি এইদৰে ওলাই আহিল খহনীয়াৰ প্ৰতিৰোধৰ বাবেলাহৰীঘাট অঞ্চলত দীৰ্ঘদিন পৰা অব্যাহত থকা তীব্ৰ খহনীয়াৰ ফলত দিশহাৰা হৈ পৰিছে নৈ পৰীয়া লোকসকল।অৱশেষত চৰকাৰৰ সাহাৰ্য্য অবিহনেই নিজ ভেটি-মাটি ৰক্ষা বাবে বাহৰ বান্ধ দি খহনীয়াৰ প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে অঞ্চলটোৰ নৈ পৰীয়া লোক সকলে।বিগত বহু বছৰ ধৰি গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় আহিছে যদিও চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ তিনিচুকীয়া,বগলীপৰা,পলাসগুৰি,লাহৰীঘাট,টেঙাগুৰি,ভূৰাগাঁৱৰ ৰাইজে আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ লগতে নিজৰ শ্ৰমদানেৰে বাহৰ বান্ধ দি খহনীয়াৰ প্ৰতিৰোধৰ বাবে চেষ্টা কৰিছে।অঞ্চলটোৰ সৰ্বস্তৰৰ লোকসকলক ওলাই আহি খহনীয়াৰ প্ৰতিৰোধৰ কামত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে উদ্যোগতাসকলে।

Byte:স্থানীয় নৈ পৰীয়া লোক।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.