ETV Bharat / state

নগাঁৱত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ - alleged Corruption in irrigation department

নগাঁৱৰ চামগুৰিৰ হাঁহচৰাৰ বৰালিগাঁৱত জলসিঞ্চন বিভাগে দীৰ্ঘদিন ধৰি অনিয়ম সংঘটিত কৰাৰ অভিযোগ অঞ্চলটোৰ কৃষক ৰাইজৰ ৷ উপায়হীন কৃষক ৰাইজে বিচাৰিছে চৰকাৰৰ সহায় (Farmers asking government intervention ) ৷

irregularities-in-irrigation-department-in-nagaon
নগাঁৱত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ
author img

By

Published : Feb 18, 2022, 2:26 PM IST

চামগুৰি,18 ফেব্ৰুৱাৰী : জলসিঞ্চন বিভাগৰ চূড়ান্ত দায়িত্বহীনতা আৰু চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থা গংগাসাগৰৰ মইমতালিৰ বাবে এতিয়া শ'লঠেকত পৰিছে নগাঁও জিলাৰ চামগুৰিৰ হাঁহচৰাৰ বৰালিগাঁৱৰ কৃষক ৰাইজ (Carelessness of Irrigation Department in Samaguri) । অসম চৰকাৰ জলসিঞ্চন বিভাগৰ কলিয়াবৰ ও সংযোজিত কলং সংমণ্ডলৰ অধীনত প্ৰায় ১০ বছৰ পূৰ্বে নিৰ্মাণ কৰা নলাটোৰ এতিয়া তথৈবচ অৱস্থা ।

নগাঁৱত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ

বিশেষকৈ বিভাগটোৱে জলসিঞ্চন বিভাগৰ জৰাজীৰ্ণ নলাটোৰে বিগত দুবছৰে পানী যোগান ধৰিব নোৱাৰাত বিৰূপ প্ৰভাৱ পৰিছে হাহাঁচৰা বৰালিগাঁৱৰ বৃহত্তৰ কৃষিভূমিত । তাৰে ওপৰত চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণকাৰী সংস্থা গংগাসাগৰেও দুস্কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

কোম্পানীটোৱে স্থানীয় কৃষক ৰাইজৰ আপত্তিৰ স্বত্বেও জলসিঞ্চনৰ পৰিত্যক্ত নলাটোৰ সৈতে সংযোগ স্থাপন কৰিছে নিৰ্মীয়মান ৰাজপথ ছোৱাৰ পদপথৰ মূল নলা কেইটা । যাৰ পৰিপ্ৰেক্ষিতত ৰাজপথতত বৰ্জিত পানী অথবা ৰাজপথত পৰি বৈ যোৱা অনিষ্টকাৰী দ্ৰব্যসমূহ হাঁহচৰা বৰালিগাঁৱৰ বৃহত্তৰ পথাৰলৈ উটি গৈ বৃহৎ কৃষিভূমিক প্ৰদূষিত কৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় চহা খেতিয়কসকলে ।

বহুবাৰ সংশ্লিষ্ট কোম্পানীটোক স্থানীয় কৃষকসকলে এই বিষয় সন্দৰ্ভত ওজৰ-আপত্তি কৰিছে ৰাইজৰ কথাত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ ফলত এতিয়া গংগাসাগৰ নামৰ কোম্পানীটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল । উপায়হীন হৈ অৱশেষত বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক দৃষ্টিগোচৰ কৰাই কোম্পানীটোক সময় থাকোতেই নাকি লগোৱাৰ ব্যৱস্থা কৰিবলৈ কাতৰ অনুৰোধ জনাইছে হাঁহচৰা বৰালিগাঁৱৰ ভুক্তভোগী কৃষক ৰাইজে ।

উপায়হীন হৈ অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীক সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত দৃষ্টিগোচৰ কৰাই অনতিপলমে কোম্পানীটোক নাকি লগোৱাৰ ব্যৱস্থা কৰিবলৈ কাঁতৰ অনুৰোধ জনাইছে হাঁহচৰা বৰালিগাঁৱৰ ভুক্তভোগী কৃষক ৰাইজে ।

লগতে পঢ়ক : আঁচনি ৰূপায়ণত দূৰ্নীতিৰ অভিযোগত গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.