ধিং,14 ডিচেম্বৰ : বিটিচি নিৰ্বাচনৰ ফলাফলে মধ্য অসমৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ অভিযানত কিছু পৰিৱৰ্তন অনা পৰিলক্ষিত হৈছে । আগন্তুক 17 ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অসমৰ প্ৰায় সকলো দলৰ নেতাসকলে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷
![campaign for tiwa autonomous council election morigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-14december-meeting-as10013_14122020073230_1412f_1607911350_271.jpg)
মৰিগাঁৱত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আংগুৰলতা ডেকাই তিৱা নৃত্যত নাচি-বাগি আমোদ সৃষ্টি কৰি জোৰ-দাৰ প্ৰচাৰ চলাই থকাৰ সমান্তৰালকৈ কণ্ঠশিল্পী বাবুৱেও গীত পৰিৱেশন কৰি কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰাত উঠি-পৰি লাগিছে ৷
![campaign for tiwa autonomous council election morigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-14december-meeting-as10013_14122020073230_1412f_1607911350_764.jpg)
বৰ্তমানলৈকে জিলাখনত সৰ্বাধিক প্ৰচাৰৰ অভিযান অব্যাহত ৰাখিছে শাসকীয় দলটোৱে ৷ আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ দলটোৰ সভাপতি ৰিপুণ বৰায়ো জোৰদাৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷
![campaign for tiwa autonomous council election morigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-14december-meeting-as10013_14122020073230_1412f_1607911350_183.jpg)
লগতে পঢ়ক : হাতে হাতে খালী কলহ লৈ খোৱা পানী বিচাৰি শিলচৰত পথ অৱৰোধ