ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গ'ল লাহৰীঘাট উন্নয়ন খণ্ডৰ বহুকেইখন গাঁও

author img

By

Published : May 24, 2021, 1:42 PM IST

বাৰিষা অহাৰ পূৰ্বে ৰাজ্যত আৰম্ভ হৈছে বান আৰু খহনীয়াৰ বিভীষিকা ৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে লাহৰীঘাট উন্নয়ন খণ্ডৰ বহুকেইখন গাঁও ৷ খহনীয়াত সৰ্বস্বান্ত হেৰুৱা অঞ্চলকেইটাৰ ৰাইজৰ একমাত্ৰ কেন্দ্ৰ হৈ পৰিছে এতিয়া চৰ-চাপৰি ৷

ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গ'ল লাহৰীঘাট উন্নয়ন খণ্ডৰ বহুকেইখন গাঁও
ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গ'ল লাহৰীঘাট উন্নয়ন খণ্ডৰ বহুকেইখন গাঁও

ধিং,24মে': কৰ'ণা মহামাৰীৰ পাচতে ৰাজ্যবাসীৰ মাজত সন্ত্ৰাস সৃষ্টি কৰিছে এতিয়া বান আৰু খহনীয়াই ৷ বাৰিষা অহাৰ লগে- লগে চিন্তিত হৈ পৰিছে নৈ-পৰীয়া ৰাইজ ৷ ৰাজ্য চৰকাৰে বান আৰু খহনীয়া ৰোধৰ ক্ষেত্ৰত বহু ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেয়া ফলপ্ৰসু হৈ উঠা নাই বৰ্তমানলৈকে ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত বহু কেইখন ৰাজহ গাঁৱো ইতিমধ্যে জাহ হৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়াত ৷ ঘৰ-বাৰী হেৰুৱাই নৈ-পৰীয়া ৰাইজৰ একমাত্ৰ স্থান হৈ পৰিছে চৰ-চাপৰি ৷ চাপৰিতে একাংশ লোকে পোহ-পাল দিছে পৰিয়াল ৷ যাৰ বাবে তীব্ৰ খাদ্য সংকটত পৰিছে লাহৰীঘাটৰ উক্ত গাঁওবাসীৰ মাজত ৷

উল্লেখ্য় যে, প্ৰকৃততে এই চাপৰি সমূহ লাহৰীঘাট উন্নয়ন খণ্ডৰ বিভিন্ন গাঁও-পঞ্চায়তৰ অধীনস্থ আছিল । এই চাপৰি সমূহত বছৰ-বছৰ ধৰি বসতি স্থাপন কৰি অহা লোক সকলক লাহৰীঘাট উন্নয়ন খণ্ডৰ তৰফৰ পৰা বিভিন্ন চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰি সা-সুবিধা প্ৰদান কৰি আহিছে ৷

কিন্তু বৰ্তমান সময়ত একাংশ দুষ্ট চক্ৰই সেই চাপৰি সমূহ দৰং জিলাৰ হয় বুলি অপপ্ৰচাৰ চলাই আহিছে আৰু চাপৰিত খাটি খোৱা সহজ-সৰল লোক সকলৰ উন্নয়নৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি চাপৰিৰ বাসিন্দা সকলে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে । যাৰ বাবে উপায়ন্তৰ হৈ পৰিছে এতিয়া এই লোক সকল ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াত সৰ্বস্বান্ত হেৰুওৱা লোক সকলক লাগে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ পৰা সহায় ৷

অন্য এক খবৰৰ বাবে: আংশিক লকডাউনে ক্ষতিগ্ৰস্ত কৰিছে কৃষকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.