ETV Bharat / state

Book launch in Morigaon: মৰিগাঁৱত গ্ৰন্থ উন্মোচনী সভা - Morigaon DC Debashish Sharma

মৰিগাঁৱৰ নটুৱাগাঁও নেতাজী মধ্য ইংৰাজী বিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা(Book launch meeting in Morigaon) । মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মাই উন্মোচন কৰে বিদ্যাজ্যোতি নামৰ এখন গ্ৰন্থ । বৰগীত পৰিৱেশনৰে আৰম্ভ হোৱা অনুষ্ঠানটিত জিলা উপায়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি আগবঢ়াই সাৰুৱা মন্তব্য ।

Book launch meeting in Morigaon
মৰিগাঁৱৰ নটুৱাগাঁও নেতাজী মধ্য ইংৰাজী বিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা
author img

By

Published : Apr 11, 2023, 9:32 PM IST

মৰিগাঁৱৰ নটুৱাগাঁও নেতাজী মধ্য ইংৰাজী বিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা

মৰিগাঁও,১১ এপ্ৰিল: সোমবাৰে মৰিগাঁৱৰ সমীপৱৰ্তী নটুৱাগাঁও নেতাজী মধ্য ইংৰাজী বিদ্যালয়ত উন্মোচন কৰা হয় বিদ্যাজ্যোতি নামৰ এখন গ্ৰন্থ (Book launch meeting in Morigaon) । গ্ৰন্থখনি উন্মোচন কৰে মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মাই (Book launch in Morigaon) । গ্ৰন্থখনি উন্মোচন কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি উপায়ুক্তগৰাকীয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয় যে, বিদ্যালয়ত সদায় এক হোৱা দৰে আমি জীৱনত কি কৰিব বিচাৰো তাৰ বাবে আমাৰ মনটো দৃঢ় হ'ব লাগিব ।

লগতে তেওঁ উল্লেখ কৰে যে, উপায়ুক্তগৰাকীও কোনোদিন বিদ্যালয়ত প্ৰথম হোৱা নাছিল (Morigaon DC Debashish Sharma) । কিন্ত ভৱিষ্যতে এজন ভাল নাগৰিক হোৱাৰ সপোন আছিল বাবেই দৃঢ়তাৰে আগবাঢ়ি গৈছিলোঁ বুলি উল্লেখ কৰে শৰ্মাই । ভাষণ প্ৰংসগত বিদ্যালয়খন গঢ় দিয়া স্বনামধন্য ব্যক্তি সকললৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে উপায়ুক্ত গৰাকীয়ে ।

উপায়ুক্তগৰাকীয়ে এটা টুনী চৰাইৰ সাধুৰ প্ৰসংগ উল্লেখ কৰি সৰু সৰু টুনী চৰাইটোৰ লেখীয়াকৈ সৰু সৰু ছাত্ৰ ছাত্রীসকলেও আনে কি কৰিছে তালৈ চকু নিদি নিজে যি কৰিব পাৰি তাত গুৰুত্ব দিলে যিকোনো সমস্য়াৰ মোকাবিলা কৰিব পাৰিব । মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগৰ অৰ্ন্তগত ভূৰবন্ধা প্ৰাথমিক শিক্ষা খণ্ডৰ ভিতৰুৱা নেতাজী মধ্য ইংৰাজী বিদ্যালয়খনত আয়োজিত এই গ্ৰন্থ উন্মোচনী সভাখনিৰ আৰম্ভ কৰা হয় এটি বৰগীত পৰিবেশনৰে ।

একেদৰে সভা লগত সংগতি ৰাখি ছাত্ৰ ছাত্রীসকলে পৰিবেশন কৰে বিভিন্ন গীত নৃত্য । সভাখনত উপস্থিত থাকি জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞাই(District Primary Education Officer Gogoi Bhuiyan) শহা আৰু কাছৰ সাধুৰ প্ৰসংগ উত্থাপন কৰি কেনেদৰে জীৱনৰ পথত ছাত্ৰ-ছাত্ৰীসকলে আগবাঢ়িব লাগে এই সন্দৰ্ভত উদাহৰণৰসহ ব্যাখ্যা আগবঢ়াই । এই সভাতে জিলা শিক্ষা বিভাগৰ আঁচনি বিষয়া ৰাজেন গোস্বামীয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী কৃষ্ণা কুমাৰী দেৱীৰ নেতৃত্ব বিদ্যালয়খনে নতুন ৰূপ লাভ কৰা বুলি প্ৰশংসা কৰে ।

সভাৰ শেষত উপায়ুক্ত আৰু জিলা শিক্ষা বিষয়া বুলি গগৈসহ বিদ্যালয়খনৰ স্মাৰ্ট শ্ৰেণীকোঠা, গৃহ, শ্ৰেণীকোঠা, ছোৱালীসকলৰ প্ৰস্ৰাৱগাৰ, চৌহদৰ দেৱালৰ বিষয়ে বুজ লৈ প্ৰধান শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা, সমিতিৰ সভাপতি প্ৰভাত হীৰাৰে মতবিনিময় কৰি আগন্তুক দিনত বিদ্যালয়খনৰ শিক্ষকৰ সমস্যা, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক: Arsenic Removal Capsule : কলিয়াবৰৰ অধ্যাপকে আৱিষ্কাৰ কৰিলে আৰ্ছেনিক মুক্তকৰণৰ কেপছুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.