ETV Bharat / state

তুংগত ৰমাকান্ত দেউৰীৰ নিৰ্বাচনী সভা

বিভিন্ন ৰাজনৈতিক দলৰ সদস্যৰ শতাধিক লোকৰ বিজেপিত যোগদান ৷ 80 নং মৰিগাঁও বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ নিৰ্বাচনী সভাত যোগদান কৰে সহস্ৰাধিক লোকে ৷ অসমত এইবাৰো বিজেপি চৰকাৰ হ’ব বুলি মন্তব্য কৰে দেউৰীয়ে ৷

তুংগত ৰমাকান্ত দেউৰীৰ নিৰ্বাচনী সভা
তুংগত ৰমাকান্ত দেউৰীৰ নিৰ্বাচনী সভা
author img

By

Published : Mar 28, 2021, 8:40 AM IST

মৰিগাঁও,28 মাৰ্চঃ বিভিন্ন ৰাজনৈতিক দলৰ শতাধিক লোকে যোগদান কৰে বিজেপিত ৷ 80 নং মৰিগাঁও বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ নিৰ্বাচনী সভাত যোগদান কৰে লোকসকলে ৷ মৰিগাঁও সমষ্টিৰ নাওকটা, কলবাৰী, কোঁৱৰগাঁও, বাখৰবড়ী, চৰাইবাহী আদি অঞ্চলত মৰিগাঁৱৰ বিধায়ক তথা বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷

তুংগত ৰমাকান্ত দেউৰীৰ নিৰ্বাচনী সভা

উল্লেখযোগ্য যে, নাওকটাত আইসকলক আঠুকাঢ়ি সেৱা লয় ৰমাকান্ত দেউৰীয়ে ৷ নৃত্য প্ৰদৰ্শনৰে ভোটাৰ ৰাইজৰ মন জয় কৰাৰ চেষ্টা ৰমাকান্ত দেউৰীৰ সমৰ্থকৰ ৷ প্ৰচাৰ কাৰ্যত বিধায়ক গৰাকীৰ সমান্তৰালকৈ তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, অজিত ডেকা, নগেন দাস, শিৱাজী ডেকাকে ধৰি বহুকেইজন বিশিষ্ট দলীয় নেতাই অংশ কৰে ৷ বিগত নিৰ্বাচনতকৈ অধিক ভোট লাভ কৰি জয়যুক্ত হোৱাৰ লগতে অসমত এইবাৰো বিজেপি চৰকাৰ হ’ব বুলি মন্তব্য কৰে ৰমাকান্ত দেউৰীয়ে ৷

লগতে পঢ়কঃ চিত্ৰ বিশেষ : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ কিছু উৎসাহী ভোটাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.