ETV Bharat / state

সুশাসন দিৱস, বিশেষভাৱে সক্ষম লোকৰ কাষত থিয় দিলে মৰিগাঁও বিজেপি

Good Governance Day 2023: সুশাসন দিৱস উপলক্ষে মৰিগাঁৱত বিজেপিয়ে দৰিদ্ৰ, বিকলাংগ আৰু বিশেষভাৱে সক্ষম একাংশ লোকক খাদ্য আৰু গৰম বস্ত্ৰ বিতৰণ কৰে । কাৰ্যসূচীত উপস্থিত থাকে তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰসহ কেইবাগৰাকী বিজেপি নেতা ।

Good Governance Day 2023
বিশেষভাৱে সক্ষম লোকৰ কাষত থিয় দিলে মৰিগাঁও বিজেপি
author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 5:17 PM IST

বিশেষভাৱে সক্ষম লোকৰ কাষত থিয় দিলে মৰিগাঁও বিজেপি

মৰিগাঁও,২৫ ডিচেম্বৰ : আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিন । সমগ্ৰ দেশতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এই বিশেষ দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে । বিজেপি দলেও প্ৰাক্তন নেতাগৰাকীৰ স্মৃতিত দেশজুৰি 'সুশাসন দিৱস'ৰ আয়োজন কৰিছে । তাৰ অংশস্বৰূপে অসম ৰাজ্যিক বিজেপিৰ উদ্যোগত অসমৰ প্ৰতিখন জিলাতে সুশাসন দিৱসৰ উদযাপন কৰা হৈছে ।

মৰিগাঁও জিলা বিজেপিৰ উদ্যোগত আৰু তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ সহযোগতো প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে 'সুশাসন দিৱস' পালন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি জিলা বিজেপিয়ে মৰিগাঁও চহৰৰ দৰিদ্ৰ, বিকলাংগ আৰু বিশেষভাৱে সক্ষম একাংশ লোকৰ বাবে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।

মৰিগাঁও চহৰৰ মাজমজিয়াত থকা দৰিদ্ৰ, বিকলাংগ আৰু বিশেষভাৱে সক্ষম লোকসকলক দুপৰীয়াৰ আহাৰ যোগান ধৰাৰ সমান্তৰালকৈ শীতৰ পৰা পৰিত্ৰাণৰ বাবে গৰম বস্ত্ৰ প্ৰদান কৰে । বিজেপি আৰু তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ এই বিশেষ পদক্ষেপক প্ৰশংসা কৰিছে মৰিগাঁৱৰ জনসাধাৰণে । এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ লক্ষ্য আৰু আদৰ্শক সমাজত প্ৰচাৰ-প্ৰসাৰৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো বিজেপিৰ উদ্যোগত বিশেষ পদক্ষেপ লোৱা হৈছে । পৰৱৰ্তী সময়তো পৰিষদৰ তৰফৰ পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি তেওঁ জনাইছে । এই কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি পবীণ মেধি, প্ৰাক্তন পৌৰপতি অৰ্চনা বৰদলৈৰ লগতে কেইবাগৰাকী নেতা উপস্থিত থাকে ।

মৰিগাঁৱৰ সমান্তৰালকৈ অসমৰ বাকী জিলাসমূহতো ৰাজ্যিক বিজেপিয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে । লগতে দলটোৰ জ্যেষ্ঠ নেতা তথা সুশাসনৰ জৰিয়তে বিশ্বজুৰি চৰ্চিত হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক সকলো স্মৰণ কৰিছে ।

লগতে পঢ়ক :কেৰলৰ ধ্বনিত মুখৰিত মহানগৰীৰ গীৰ্জাঘৰসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.