ETV Bharat / state

Rabha Divas 2023: মই সৰুৰে পৰা আঞ্চলিকতাবাদ ভাল পাও: বিপিন চাউদাঙ - Rabha Divas 2023

মৰিগাঁৱত ৰাভা দিৱস উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে । কলাগুৰুলৈ শ্ৰদ্ধা জ্ঞাপন কৰি পৰিৱেশন কৰিলে কলাগুৰুৰ এটি এটি গীত । লগতে কৈ গ'ল সামাজিক জীৱনৰ বহু কথা ।

Bipin Chaudang performs on Rabha Divas in Morigaon
মই সৰুৰে পৰা আঞ্চলিকতাবাদ ভাল পাও: বিপিন চাউদাঙ
author img

By

Published : Jun 22, 2023, 5:05 PM IST

মই সৰুৰে পৰা আঞ্চলিকতাবাদ ভাল পাও: বিপিন চাউদাঙ

মৰিগাঁও,২২ জুন: মঙলবাৰে নিশা মৰিগাঁৱত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং । ৰাভা দিৱস উপলক্ষে মৰিগাঁৱৰ শ'লমাৰীত অনুষ্ঠিত কৰা এটি অনুষ্ঠানত অংশগ্ৰহণ কৰি এটাৰ পাছত এটাকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ লগতে বিভিন্ন দেশপ্ৰেমমূলক গীতৰ শৰাই আগবঢ়াই শিল্পীগৰাকীয়ে । ৰাভাৰ চিন্তাধাৰা তথা ৰাভাৰ সৃষ্টিৰাজী স্মৰণ কৰি বৰেণ্য শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কণ্ঠশিল্পীগৰাকীয়ে । শিল্পীগৰাকীৰ গীতত মুগ্ধ হৈ পৰে দৰ্শক ।

অনুষ্ঠানটিত অংশগ্ৰহণ কৰি কণ্ঠশিল্পী বিপিন চাউদাঙে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় যে তেওঁ সৰুৰে পৰা আঞ্চলিকতাবাদ ভাল পায় । সৰুৰে পৰা দেশ, জাতি-মাটিৰ কাৰণে তেওঁ গীত পৰিৱেশন কৰে বুলি অসমৰ ৰাইজে জানে । ইয়াৰ বাবে জেলো খাটিবলগীয়া হৈছে আৰু কোনো কোনো স্থানত পুৰস্কাৰ লাভ কৰা বুলিও উল্লেখ কৰে শিল্পীগৰাকীয়ে । দেশ-জাতি-মাটিক তেওঁ ভাল পাওঁ বুলি উল্লেখ কৰি কয় যে তেওঁ সদায়‌ দেশ, জাতি-মাটিৰ বাবে গীত গাই থাকিব আৰু গাবলৈ চেষ্টা কৰিব ।

বিগত বছৰবোৰৰ দৰে এই বছৰো ৰাজ্যৰ চুকে-কোণে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪ সংখ্যক দিৱস পালন কৰা হৈছে । বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে সৈনিক শিল্পীক তেওঁ মনে-প্ৰাণে ভাল পায় বুলি উল্লেখ কৰে চাউদাঙে । বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত সৰুৰে পৰা তেখেতৰ গীত পৰিৱেশন কৰি আহিছোঁ বুলি কৈ এই দিৱসত তেখেতৰ গীতসমূহ পৰিৱেশন নকৰিলে ভাল নালাগে বুলি মন্তব্য আগবঢ়াই ।

তেওঁ লগতে সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত কয় যে, তেওঁ ৰাজনীতি সিমান ভাল নাপায় । ইয়াকে লৈ ৰাইজৰ মাজত বিৰ্তক হৈছিল । তেতিয়াতো কিছু ৰাইজে ভাবিছিল যে তেওঁ কোনো ৰাজনৈতিক দলত যোগদান কৰিব। অৱশ্যে ৰাইজে পিছত বুজি পালে বুলি জানিবলৈ দিয়ে কণ্ঠশিল্পীগৰাকীয়ে । আগতেও ৰাজনীতি কৰা নাছিলোঁ, এতিয়াও কৰা নাই আৰু ভৱিষ্যতেও কোনো ৰাজনৈতিক দলত যোগদান নকৰোঁ বুলি ঘোষণা কৰে বিপিন চাউদাঙে । তেওঁ সদায় ৰাইজৰ মাজত ৰাইজৰ মৰমৰ শিল্পী হৈ থাকিব বিচাৰে বুলি উল্লেখ কৰে । লগতে কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ কালজয়ী গীত এফাঁকি গুণগুণাই কণ্ঠশিল্পীগৰাকীয়ে ।

লগতে পঢ়ক: Flood in Assam : কাচুকাটি বেঁকী নৈৰ চৰত পশুধনসহ জলবন্দী 74 টাকৈ পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.