ETV Bharat / state

পৰিত্যক্ত হৈ পৰিছে মৰিগাঁৱৰ এখন এড’প্ট ভিলেজ - মৰিগাঁও মহাবিদ্যালয়

ক্ৰমান্বয়ে আশাৰ বিপৰীতে সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে মৰিগাঁও মহাবিদ্যালয়ে তুলি লোৱা ভূঁঞাগুৰি গাঁওখন। গাঁওখনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে আজিও লাভ কৰা নাই মহাবিদ্যালয় খনত নামভৰ্তিৰ সুবিধা।

Bhuyanguri adopted village has been discriminated by Marigaon College
পৰিত্যক্ত হৈ পৰিছে এডপ্ট ভিলেজ ভূঁঞাগুৰি গাঁও
author img

By

Published : Nov 6, 2020, 7:59 PM IST

Updated : Nov 7, 2020, 8:20 AM IST

মৰিগাঁও, ৬ নৱেম্বৰ: পৰিত্যক্ত হৈ পৰিছে মৰিগাঁৱৰ এড’প্ট ভিলেজ ভূঁঞাগুৰি গাঁও । ইউ জি চিৰ নীতি অনুসৰি মৰিগাঁও মহাবিদ্যালয়ে তুলি লোৱা ভূঁঞাগুৰি গাঁৱত ক্ৰমান্বয়ে আশাৰ বিপৰীতে সকলো যেন ফুটুকাৰ ফেনত পৰিণত হৈছে। প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল যদিও শেহতীয়াকৈ গাঁওখনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয় খনত নামভৰ্তিৰ সুবিধা লাভ নকৰাৰ অভিযোগ অভিভাৱক সকলৰ।

Bhuyanguri adopted village has been discriminated by Marigaon College
পৰিত্যক্ত হৈ পৰিছে এডপ্ট ভিলেজ ভূঁঞাগুৰি গাঁও

অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীৰ অভিযোগ অনুসৰি সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে হাইস্কুল তথা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সত্তৰ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী কেইগৰাকীয়েহে মহাবিদ্যালয় খনত নামভৰ্তিৰ কৰিবলৈ সক্ষম হৈছে । আনহাতে, গাঁওখনলৈ কলেজৰ শিক্ষক গোট আহি পৰিস্কাৰ পৰিচ্ছন্নতা, স্বাস্থ্য আৰু শৈক্ষিক বিষয়ত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলক লৈ কোনো ধৰণৰ কাৰ্যসূচী গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়কঃ তেজপুৰত নিশা ছবিৰ দৃশ্য গ্ৰহণত ব্যস্ত জুবিন গাৰ্গ

Last Updated : Nov 7, 2020, 8:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.