ETV Bharat / state

Bhupen Hazarika death anniversary: গীতে-মাতে স্মৰণ যাযাবৰী শিল্পী ভূপেন হাজৰিকাক - 11th death anniversary of Bhupen Hazarika

ৰাজ্যজুৰি পালন কৰা হৈছে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী (Bhupen Hazarika death anniversary observed in Morigaon)। মৰিগাঁৱতো বিভিন্ন সংগঠনে পালন কৰিছে যাযাবৰী শিল্পীগৰাকীৰ মৃত্যুতিথি ।

bhupen hazarika death anniversary observed
গীতে-মাতে স্মৰণ যাযাবৰী শিল্পী ভূপেন হাজৰিকাক
author img

By

Published : Nov 5, 2022, 2:24 PM IST

মৰিগাঁও,৫ নৱেম্বৰ: আজি ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী (11th death anniversary of Bhupen Hazarika) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰা দেখা গৈছে । প্ৰতিখন জিলাতে বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ স্মৃতিত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । গুৱাহাটীস্থিত শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অসংখ্য লোকে শ্ৰদ্ধাঞ্জলি জনাইছে শিল্পীগৰাকীক(Tribute to Bhupen Hazarika) ।

ব্যতিক্ৰম নহয় মৰিগাঁও জিলাও । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰাল কৈ মৰিগাঁৱত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগতো পালন কৰা হৈছে সুধাকণ্ঠ ড৽ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু তিথি(Bhupen Hazarika death anniversary observed in Morigaon) । ৰাজ্যৰ আন আন অঞ্চলৰ লেখীয়াকৈ মৰিগাঁও চাৰণবিল পাৰত থকা কৃষক সংঘ, জীৱন জেউতি কৃষক সংঘ, মৰিগাঁও পৌৰ সভা, মৰিগাঁও জাতীয় বিদ্যালয়ত গীতে মাতে পালন কৰিছে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু তিথি ।

গীতে-মাতে স্মৰণ যাযাবৰী শিল্পী ভূপেন হাজৰিকাক

মৰিগাঁও চাৰণবিল পাৰত অনুষ্ঠিত হোৱাৰ এই কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম কৃষক সংঘৰ কাৰ্যকৰী সভাপতি তুলসী ডেকা, ৰাইজৰ দলৰ মৰিগাঁও জিলাৰ সভাপতি সম্পাদক ক্ৰমে ৰাতুল হাজৰিকা, লাচিত ডেকাই পুষ্পাঞ্জলি প্ৰদানৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । একেদৰেই মৰিগাঁও পৌৰ সভাৰ উদ্যানত মৰিগাঁও পৌৰ সভাৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী,পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জ্যেষ্ঠ উপায়ুক্ত গৰ্গ মোহন দাস, জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত আদিত্য গগৈ, মৰিগাঁও চক্ৰ বিষয়া হৃদয় কুমাৰ দাসে সুধাকণ্ঠৰ প্ৰতিছবিত ম্যাল্যাপণৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতেই অনুষ্ঠিত হয় সুধাকণ্ঠ গীত-মাতৰ অক অনুষ্ঠান ।

উল্লেখ্য যে সুধাকণ্ঠগৰাকীৰ মৃত্যু দিৱসত ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । সমান্তৰালকৈ বিভিন্ন স্থানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । গুৱাহাটীৰ জালুকবাৰীস্থিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলিৰ লগতে বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হৈছে ।

লগতে পঢ়ক: Death anniversary of Bhupen Hazarika : আজি যাযাবৰী শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.