ETV Bharat / state

মৰিগাঁৱত ভাওনা প্ৰদৰ্শন - উৰু ভংগ ভাওনা পৰিৱেশন

সৰস্বতী পূজা উপলক্ষে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ বাকৰিত নিশা অনুষ্ঠিত হয় এখনি ভাওনা । এই ভাওনাৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই ।

মৰিগাঁৱত ভাওনা
মৰিগাঁৱত ভাওনা
author img

By

Published : Feb 17, 2021, 6:39 PM IST

মৰিগাঁও, ১৭ ফেব্ৰুৱাৰী: মৰিগাঁৱত দুদিনীয়াকৈ উলহ মালহৰে পালন কৰা হয় সৰস্বতী পূজাৰ পৰম্পৰা । ইয়াৰ অংশৰূপে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ বাকৰিত নিশা অনুষ্ঠিত হয় ভাওনা । এই ভাওনাৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই । সমান্তৰালকৈ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ।

উদ্ধোধক অধীক্ষক ডঃ নন্দ সিং বৰকলাই অংকীয়া ভাওনাৰ স্ৰষ্টা গুৰুজনাৰ নাট্য দৰ্শন আৰু শ্বেক্সপীয়েৰৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্যত পূৰ্বৰ গ্ৰাম্যজীৱনৰ শিল্পী সত্বা আৰু সাম্প্ৰতিক সময়ৰ বিৱৰ্তনৰ বিষয়ে চমু ব্যাখ্যা আগবঢ়ায় । জিলা শিক্ষা বিষয়া ডঃ কমল জ্যোতি গগৈৰ নেতৃত্বত ভাওনাখনি অনুষ্ঠিত হোৱাৰ বাবে প্ৰশংসা কৰি জিলাবাসীক এই সুবিধা আদায় কৰিবলৈ আহবান জনাই ডঃ নন্দ সিং বৰকলাই । স্থানীয় দলৈচুবা আৰু মাজুলী গায়ন বায়নসকল তথা মৰিগাঁৱৰ শিক্ষক আৰু শিক্ষা বিষয়াৰ দ্বাৰা পৰিবেশন কৰা ভাওনাখনিয়ে দৰ্শকক নব ৰসৰ সোৱাদ দিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:স্কুটী নাপালে ভোট নিদিয়ে নলবাৰীৰ এইসকল ছাত্ৰীয়ে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.