ETV Bharat / state

পৰম্পৰাগত ম’হযুঁজৰ নিষেধাজ্ঞা প্ৰত্য়াহাৰ: কেবিনেটৰ সিদ্ধান্তক আদৰণি গোৱালৰ - Assam Cabinet on Buffalo fight

অসম চৰকাৰৰ কেবিনেটত মাঘ বিহু উপলক্ষে পৰম্পৰাগত ম'হযুঁজ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পিছত মৰিগাঁৱত গোৱাল উৎফুল্লিত হৈছে ।

Traditional Buffalo fight in Assam
অসমত পৰম্পৰাগত ম'হযুঁজ
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 2:51 PM IST

অসমত পৰম্পৰাগত ম'হযুঁজ

মৰিগাঁও, ৯ ডিচেম্বৰ: ন্যায়ালয়ৰ বাধাৰ বাবে বন্ধ‌ হৈ থকা অসমৰ পৰম্পৰাগত ম'হযুঁজ পুনৰ আৰম্ভ কৰাৰ বাবে শুকুৰবাৰে ৰাজ্যিক কেবিনেটে জনাইছে অনুমোদন ৷ শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰাৰ পিচতেই উৎফুল্লিত হৈছে ম'হ গোৱালসকল । শুক্ৰবাৰে অসম চৰকাৰৰ কেবিনেটত মাঘ বিহু উপলক্ষে পৰম্পৰাগত ম'হ যুঁজ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণৰ পিচতে মৰিগাঁৱত ম'হ গোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

সুদীৰ্ঘ আঠ বছৰে ম'হযুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বাধাৰ বাবে মুকলি মনেৰে অনুষ্ঠিত কৰিব পৰা নাছিল পৰম্পৰাগত গোণা ম'হৰ যুঁজ । পিছে শুক্ৰবাৰে অসম চৰকাৰৰ কেবিনেট বৈঠকত ম'হযুঁজ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত অসম চৰকাৰক প্ৰশংসাৰে উপচাই দিছে ম'হৰ মালিক তথা গোৱালসকলে ।

মধ্য অসমৰ বিভিন্ন ম'হযুঁজ সমিতিৰ বিষয়ববীয়াই আনন্দ প্ৰকাশ কৰি গ্ৰহণ কৰা এই ঐতিহাসিক সিদ্ধান্তক আদৰণি জনাইছে । উচ্চতম ন্যায়ালয়ে ম'হযুঁজ অবৈধ বুলি ঘোষণা কৰাৰ পিছতেই ম'হ গোৱালসকলৰ ম'হযুঁজ অনুষ্ঠিত কৰাৰ আশাত পৰিছিল চেঁচা পানী । ক'ভিড পৰিস্থিতিৰ পিচৰে পৰা ন্যায়ালয় বাধা আৰোপ থকাৰ বাবে মনৰ হেঁপাহৰ জোখাৰে পৰম্পৰাগত যুঁজ অনুষ্ঠিত কৰিব পৰা নাছিল মধ্য অসমৰ বিভিন্ন ম'হযুঁজ থলীত ।

মনকৰিবলগীয়া যে এইবেলি মাঘ বিহুৰ পৰম্পৰাগত ম'হযুঁজৰ বাবে ঘাঁহখেতি কৰি ম'হক খুৱাই-বোৱাই গৰল বঢ়াই যুঁজলৈ বুলি কঁকালত টঙালি বান্ধিছে মৰিগাঁৱৰ গোৱাল সকলে । জনবিশ্বাস মতে,পুহ আৰু মাঘত ম'হৰ গৰল ধৰে আৰু গৰলীয়া ম'হৰ শিঙত এবিধ পোক হয় ৷ যাৰ বাবে যুঁজিবলৈ উন্মাদ হৈ থাকে ম'হ ৷

মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই শুকুৰবাৰে এই প্ৰসংগত সংবাদমেল সম্বোধন কৰি কয় যে আদালতৰ বাধাৰ বাবে নগাঁৱৰ বিভিন্ন ঠাইৰ লগতে আহঁতগুৰি আৰু উজনি অসমৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা ম'হযুঁজ বন্ধ হৈছিল ৷ কিন্তু শেহতীয়াকৈ আদালতে এইক্ষেত্ৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছত কেবিনেটে অসমৰ বিভিন্ন ঠাইত পৰম্পৰাগতভাৱে হোৱা ম'হ যুঁজ পুনৰ আৰম্ভ কৰাৰ বাবে অনুমোদন জনাইছে ৷

লগতে পঢ়ক:অনুষ্ঠিত কৰিব পাৰিব পৰম্পৰাগত ম’হযুঁজ : কেবিনেটৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.