ETV Bharat / state

কাল কৰ’ণা সন্দৰ্ভত মৈৰাবাৰীত সজাগতা অভিযান - corona virus

মৈৰাবাৰীত কৰ'ণা সন্দৰ্ভত অনুষ্ঠিত সজাগতা সভা ৷ সভাত উপস্থিত থাকে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতেশ চন্দ্ৰ পেগু ৷

কাল কৰ’ণা সন্দৰ্ভত মৈৰাবাৰীত সজাগতা অভিযান

author img

By

Published : May 27, 2021, 7:44 AM IST

ধিং, 27 মে’: বুধবাৰে মৰিগাঁও জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতেশ চন্দ্ৰ পেগুৱে মৈৰাবাৰী গাঁও পঞ্চায়তত ক’ভিড-১৯ যুদ্ধ কক্ষ মুকলি কৰাৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰে ৷ মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা কেইবাগৰাকীও সচেতন লোকৰ উপস্থিত থাকে ৷ মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে ক’ভিড-১৯ ৰ ভয়াবহতাক অতি গুৰুত্ব সহকাৰে লৈ চৰকাৰে দিয়া প্ৰতিটো নিৰ্দেশনা পালন কৰিবলৈ ৰাইজক আহ্বান জনায় ৷

ইফালে সমগ্ৰ দেশতে মহামাৰী কৰ'ণাই এক বিভিষীকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে । মহামাৰী কৰ'ণাৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰ প্ৰশাসনে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰিছে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ মৈৰাবাৰী অঞ্চলতো সাধাৰণ ৰাইজে চৰকাৰৰ নীতি নিৰ্দেশনাক মানি, মহামাৰী কৰ'ণাৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে ।

কাল কৰ’ণা সন্দৰ্ভত মৈৰাবাৰীত সজাগতা অভিযান
কাল কৰ’ণা সন্দৰ্ভত মৈৰাবাৰীত সজাগতা অভিযান

জিলা প্ৰশাসনৰ লগতে মৰিগাঁও জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতেশ চন্দ্ৰ পেগু, লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু মৈৰাবাৰী উন্নয়ন খণ্ডৰ বিষয়াৰ বিশেষ তৎপৰতাত অঞ্চলটোত কৰ'ণাৰ দ্বিতীয় লহৰত সাধাৰণ ৰাইজে সহযোগ কৰাৰ ফলত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ তুলনাত অঞ্চলটোত আক্ৰান্তৰ সংখ্যা বহু কম বুলি উল্লেখ কৰে । আনহাতে, জনসাধাৰণৰ মাজত কৰ'ণা সন্দৰ্ভত সজাগতা আনিবলৈ জিলা প্ৰশাসনৰ বিভিন্ন বিষয়া কৰ্মচাৰীয়ে গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰি বিভিন্ন পৰামৰ্শ আগবঢ়াই আহিছে ।

গৰাখহনীয়াগ্ৰস্ত অঞ্চলটোৰ চৰ-চাপৰিত বসবাস কৰা লোক সকলৰ মাজতো সজাগতা আনিবলৈ চক্ৰ বিষয়া গৰাকীয়ে বিশেষ কৰ'ণা সন্দৰ্ভত সাধাৰণ ৰাইজে সতৰ্কতা অৱলম্বন কৰিছে যদিও ৰেপিড এন্টিজেন ষ্টেটৰ ক্ষেত্ৰত এতিয়াও বহু সংখ্যক লোক ওলাই অহা নাই বুলি ব্যক্ত কৰে । ইতিমধ্যে চিকিৎসক, চিকিৎসাকৰ্মী, পঞ্চায়তৰ সভাপতি, প্ৰতিনিধি, গাঁওবুঢ়া, আশাকৰ্মী সকলে বহু সহায় সহযোগ কৰি আছে যদিও বহু লোক বৰ্তমানেও ৰেপিড টেষ্ট কৰিবলৈ আগবাঢ়ি অহা নাই । সেয়ে সকলো ৰাইজকে ৰেপিড টেষ্ট কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাই মৰিগাঁও জিলা প্ৰশাসনে ।

লগতে পঢ়ক: ক'ভিড সেৱা কেন্দ্ৰৰ জৰিয়তে ক'ভিডাক্ৰান্তক সহায় সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.