ETV Bharat / state

কৰ’ণা আতংকৰ মাজতে মৰিগাঁৱত প্ৰকাশ আত্মবন্দীত্বৰ দিনলিপি - ন'বেল বঁটা

এক ব্যতিক্ৰমী পৰিৱেশত উন্মোচিত হ'ল কবি অজিত ৰায়ৰ আত্মবন্দীত্বৰ দিনলিপি ৷ গ্ৰন্থখনি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে মৰিগাঁও আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই ৷ জাগীৰোডৰ কলা মন্দিৰৰ প্ৰেক্ষাগৃহত গ্ৰন্থখন উন্মোচন হয় ৷

ব্যতিক্ৰমী পৰিৱেশত উন্মোচিত হ'ল কবি অজিত ৰায়ৰ আত্মবন্দীত্বৰ দিনলিপি

author img

By

Published : Sep 23, 2020, 12:51 PM IST

Updated : Sep 23, 2020, 1:20 PM IST

মৰিগাঁও, 23 চেপ্তেম্বৰ: এক ব্যতিক্ৰমী পৰিৱেশৰ মাজত মৰিগাঁৱৰ জাগীৰোডত কবি অজিত ৰায়ৰ আত্মবন্দীত্বৰ দিনলিপি শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷ মঙলবাৰে জাগীৰোডৰ কলা মন্দিৰৰ প্ৰেক্ষাগৃহত মৰিগাঁও আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই গ্ৰন্থখনি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ৷ গ্ৰন্থখন উন্মোচন কৰি বাচকবনীয়া গ্ৰন্থ প্ৰকাশৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰাৰ বাবে উদ্যোগ ল’বলৈ সৃষ্টি প্ৰকাশনৰ স্বত্বাধিকাৰী তথা কবি অজিত ৰায়ক বৰকলাই আহ্বান জনাই ৷

ব্যতিক্ৰমী পৰিৱেশত উন্মোচিত হ'ল কবি অজিত ৰায়ৰ আত্মবন্দীত্বৰ দিনলিপি

অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰখনত আৰু এখন গ্ৰন্থ সংযোগ হোৱা বুলি মন্তব্য প্ৰকাশ কৰি তেওঁ কয় যে দ্য অ'ল্ড মেন এন্ড দ্য চি যদিও এখন সৰু কিতাপ, তথাপি গ্ৰন্থখনে ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ পৰম্পৰাগত বিভিন্ন বাদ্য যেনে খোল ,তাল , ডবা , নাগাৰা , শংখ আদিৰ সমাহাৰেৰে প্ৰদৰ্শিত অনুষ্ঠানৰ লগতে সত্ৰীয়া নৃত্য পৰিৱেশন আদিৰ জড়িয়তে এক সম্পূৰ্ণ সুকীয়া পৰিৱেশ সৃষ্টিৰে গ্ৰন্থখন উন্মোচন কৰা হয় ৷ এই ব্যতিক্ৰমী অনুষ্ঠানে উপস্থিত ৰাইজকো আপ্লুত কৰি তোলে ৷

লগতে পঢ়ক: কৃষি আইন প্ৰত্যাহাৰৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

Last Updated : Sep 23, 2020, 1:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.