মৰিগাঁও, 24 জুন : মৰিগাঁৱৰ ঔজাৰি গাঁৱত কান্দোনৰ ৰোল ৷ চুবুৰীয়া ৰাজ্য মেঘালয়ত অতি ৰহস্যজনক অৱস্থাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মৰিগাঁও আৰক্ষী থানৰ অন্তৰ্গত ঔজাৰি গাঁৱৰ পল্লৱ বৰদলৈৰ মৃতদেহ ৷ পল্লৱ বৰদলৈৰ পৰিয়ালৰ ভাষ্য, হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হৈছে অসমৰ ট্ৰাক চালক পল্লৱক ৷
ঘটনাৰ বিৱৰণী অনুসৰি, অইনদিনাৰ দৰে সোমবাৰে AS 01 KC 6574 নম্বৰৰ এখন মালবাহী ট্ৰাক লৈ ওলাই গৈছিল পল্লৱ ৷ সকলো ঠিকেই আছিল ৷ উক্ত দিনা ৰাতি মেঘালয়ৰ জোৱাইৰ আঠ মাইল অঞ্চলৰ এখন ধাবাত নিশা ভাত খাই আইজল অভিমুখে যোৱাৰ কথা আছিল পল্লৱৰ ৷ কিন্তু কিয় ৰাতিটো ধাবাখনতে গাড়ীখন ৰখালে পল্লৱে, কোনেও ধৰিবই নোৱাৰিলে ৷
পিছদিনা অৰ্থাৎ মঙলবাৰে বহু সময়লৈকে ধাবাত ভাতৰ পইচা দিবলৈ নহাত ধাবাখনৰ মালিকে বিচাৰ খোচাৰ কৰে ৷ তেতিয়া ধাবাখনৰ মালিকে নিজে চলোৱা ট্ৰাকৰ ভিতৰতে ৰহস্যজনকভাৱে চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে পল্লৱৰ মৃতদেহ ৷
জানিব পৰা মতে, পল্লৱে আইজললৈ চাউল কঢ়িয়াই নিছিল AS 01 KC 6574 নম্বৰৰ ট্ৰাকখনত । তাৰ পাচতে খবৰ দিয়া হয় মেঘালয় আৰক্ষীক ৷ পৰৱৰ্তী পৰ্যায়ত মেঘালয় আৰক্ষীয়ে পল্লৱৰ মৃতদেহটো উদ্ধাৰ কৰি গতাই দিয়ে অসম আৰক্ষীক ৷ শনিবাৰে অসম আৰক্ষীয়ে মৃতদেহটো চমজাই দিয়ে পৰিয়ালৰ লোকক ৷ পল্লৱৰ মৃতদেহ ঘৰলৈ আহি পোৱাৰ পাচতে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ৷
ইফালে পুত্ৰক হেৰুৱাই দিশহাৰা হৈ পৰিছে পল্লৱৰ মাতৃ ৷ আনফালে, স্বামীক হেৰুৱাই অচেতন হৈ পৰিছে পল্লৱৰ অন্তঃসত্বা পত্নী ৷ পৰিয়ালৰ লোকৰ দাবী, পল্লৱে আত্মহত্যা কৰা নাই ৷ পল্লৱক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হৈছে ৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । সেয়ে ইয়াৰ উচিত তদন্ত কৰিবলৈ পৰিয়ালৰ লোকে অসম আৰক্ষীক অনুৰোধ জনাইছে ৷
লগতে পঢ়ক : Constituency Delimitation 2023 : মই যুঁজি আছো গব্বৰ সিঙৰ লগত ওলাইছেহি ছাম্বা; কিয় ক’লে অখিল গগৈয়ে